চিকিৎসকসকললৈ আন এক কঠোৰ নির্দেশ দিছে ৰাষ্ট্ৰীয় চিকিৎসা আয়োগে ৷প্ৰেছক্ৰিপচনত চিকিৎসকসকলে লিখিব লাগিব ঔষধৰ জেনেৰিক নাম এই নিয়ম মানি নচলিলে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও ৰাষ্ট্ৰীয় চিকিৎসা আয়োগে জাৰি কৰিছে এই সতৰ্কবাণী। এই সন্দৰ্ভত স্পষ্টকৈ কোৱা হৈছে যে বেছিভাগ এলোপেথী চিকিৎসকে বাৰে বাৰে কোৱাৰ পিছতো এই নিয়ম অনুসৰি প্ৰেছক্ৰিপচন লিখা নাই। গতিকে এতিয়াৰ পৰা যদি ঔষধৰ জেনেৰিক নামেৰে নিলিখে তেন্তে সাময়িকভাৱে স্থগিত ৰখা হ’ব চিকিৎসকৰ পঞ্জীয়ন। অৱশ্যে এন এম চিৰ এই সিদ্ধান্তৰ প্ৰতিবাদ কৰিছে বিভিন্ন চিকিৎসা সংস্থাই।
কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে দীৰ্ঘদিন ধৰি ব্ৰেণ্ড নাম এৰি জেনেৰিক নামেৰে ঔষধ প্ৰেছক্ৰিপচন দিবলৈ নির্দেশ দি আহিছে। কিছুমান চিকিৎসকে সেই নিয়ম মানি চলিলেও বেছিভাগেই এতিয়াও ব্ৰেণ্ড নিৰ্দিষ্ট প্ৰেছক্ৰিপচন লিখে। এনএমচিয়ে সেই প্ৰথা সলনি কৰিব বিচাৰিছে। কাৰণ, জেনেৰিক ঔষধ কিনিবলৈ ৬০-৭০ শতাংশ খৰচ কম। ইয়াৰ দ্বাৰা চিকিৎসাৰ খৰচৰ সৈতে মানুহৰ দুখ কমি যাব। যদিও চিকিৎসকৰ এক বৃহৎ অংশৰ মতে তেওঁলোকৰ ব্ৰেণ্ড নাম প্ৰেছক্ৰিপচন কৰাটো নিষিদ্ধ কৰিলে ঔষধ ব্যৱসায়ীসকল ইয়াৰ দ্বাৰা উপকৃত হ’ব। কাৰণ, তেওঁলোকে জেনেৰিক নামৰ প্ৰেছক্ৰিপচনটো দেখি নিজৰ পছন্দৰ ব্ৰেণ্ডৰ ঔষধ বিক্ৰী কৰিব। তেতিয়াও শেষত ৰোগীৰ ক্ষতি হ’ব। চিকিৎসকৰ বিৰুদ্ধে নিষিদ্ধ কৰিলেও ব্যৱসায়ীৰ একচেটিয়া অধিকাৰ কেনেকৈ নিয়ন্ত্ৰণ কৰিব বুলি প্ৰশ্ন উত্থাপন কৰিছে চিকিৎসকে।
চিকিৎসক সমাজৰ দাবী হ’ল ঔষধ প্ৰস্তুতকাৰী কোম্পানীসমূহে ‘ব্ৰেণ্ড নাম’ৰ ঔষধ নিৰ্মাণ বন্ধ কৰক। তেতিয়াহে জেনেৰিক প্ৰেছক্ৰিপচন কামত আহিব। চিকিৎসকৰ সৰ্ববৃহৎ সংস্থা ইণ্ডিয়ান মেডিকেল এছ’চিয়েশ্যনৰ সৰ্বভাৰতীয় সভাপতি শৰদ আগৰৱালে কয় –“ তেওঁলোকে পৰামৰ্শ দিছে বুলি মই শুনিছো। কিন্তু বাধ্যতামূলক কৰিলে দেশজুৰি প্ৰতিবাদ কৰিম। এটা কথা মনত ৰখা উচিত যে কোনটো ব্ৰেণ্ডৰ ঔষধে সৰ্বোত্তম কাম কৰিব চিকিৎসকে সৰ্বোত্তমভাৱে জানে।“