কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভা কক্ষত সোমাবাৰে মহকুমাভিত্তিক ভূমি পৰামৰ্শমূলক সমিতিৰ এখন সভা অনুষ্ঠিত কৰা হয়।
দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰা, অতিৰিক্ত উপায়ুক্ত, গুণজিৎ ৰায় চৌধুৰী,চক্ৰবিষয়া সকলৰ লগতে লোকনিৰ্মাণ বিভাগৰ বিষয়ববীয়া সকল উপস্থিত থকা এই সভাত চৰকাৰী ভূমিত নিৰ্মাণ কৰা, অনুমোদন পোৱাৰ যোগ্য ধৰ্মীয় অনুষ্ঠান সমূহৰক অনুমোদন দিয়াৰ বিপৰিতে যিবিলাক ধৰ্মীয় অনুষ্ঠান সংৰক্ষিত ভূমিত নিৰ্মাণ কৰা হৈছে, উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশমৰ্মে সেই সমূহ উচ্ছেদ কৰিবলৈ নিৰ্দেশ দিয়া হয়।