গোৱালপাৰা জিলাৰ মাৰনৈস্থিত ঔদ্দ্যোগীক বিকাশ কেন্দ্ৰত আজি কেন্দ্ৰীয় চৰকাৰৰ নতুন পৰিবহণ নীতিৰ সন্দৰ্ভত এখন বিশেষ সভা অনুস্থিত হৈ যায়৷ মৰনৈৰ ঔদ্দ্যোগীক বিকাশ কেন্দ্ৰৰ এইচ পি চি এলৰ এইচ পি জি বটলিং প্লান্টত আনুস্থিত সভা খনত এইছ পি চি এলৰ বিষয়া গোলেন্দ্ৰ মুছাহাৰীয়ে টেংকাৰ চালক,ট্ৰাক চালক আৰু ট্ৰান্সপোটাৰ সকলোক কেন্দ্ৰীয় চৰকাৰৰ নতুন পৰিৱহণ আইন খনৰ সন্দৰ্ভত কোনো ধৰণৰ ভ্ৰম বা সংশয় কৰিব নালাগে বুলি উল্লেখ কৰে ৷লগতে উল্লেখ কৰে যে এই আইন খনৰ বিৰোধিতা কৰি কোনো ধৰনৰ আন্দোলন অথবা প্ৰতিবাদ নকৰি চৰকাৰৰ সহায় কৰাৰ বাবে আহ্বান জনায় ৷ ট্ৰাক চালক আৰু ট্ৰান্সপোটাৰ সকলোক উদ্দেশ্য কৰি বিষয়া গৰাকীয়ে কয় য়ে চৰকাৰে নতুন আইন খন বলবৎ কৰাৰ পুৰ্বে চৰকাৰে সকলো পক্ষৰ লগত আলোচনা কৰিহে আইন খনৰ কাৰ্যকৰী ব্যৱস্থা গ্ৰহন কৰিব ৷ গতিকে আনৰ প্ৰৰোচনাত ভুল গৈ এই নীতিৰ বিৰোধিতা কৰাৰ কোনো প্ৰয়োজন নাই বুলি উল্লেখ কৰে ৷ সভা খনত নতুন আইন খনৰ সম্পৰ্কে ট্ৰাক চালক আৰু ট্ৰান্সপোটাৰ সকলোক সকলো কথা বিৱৰি জনায় এইচ পি চি এলৰ বিষয়া গৰাকীয়ে ৷ সভা খনত চালকৰ লগতে ঔদ্দ্যোগীক বিকাশ কেন্দ্ৰৰ আন একাংশও বিষয়াও উপস্থিত থাকে ৷