জি-২০ৰ অংশ হিচাপে দেশৰ বিত্তমন্ত্ৰী আৰু কেন্দ্ৰীয় বেংকৰ গৱৰ্ণৰৰ বৈঠক শীঘ্ৰে অনুষ্ঠিত হ’ব ৷ অহা ২৪ আৰু ২৫ ফেব্ৰুৱাৰীত বাংগালুৰুত অনুষ্ঠিত হ’ব এই বৈঠক। জি-২০ৰ পৰা লাভৱান হ’ব পৰা চুবুৰীয়া দেশসমূহক আমন্ত্ৰণ জনোৱা হৈছে। সূত্ৰ অনুসৰি এই বৈঠকলৈ পাকিস্তানক নিমন্ত্ৰণ নকৰাৰ সম্ভাৱনা অধিক।
আজি এক সাক্ষাৎকাৰত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰক প্ৰশ্ন কৰা হৈছিল যে ভাৰতে আন ঋণী চুবুৰীয়া দেশৰ কাষত থিয় দিছে নেকি? পাকিস্তানৰ বাবে কিবা পৰিকল্পনা আছে নেকি? তেওঁ কয়- “এদিনতে কোনেও ভয়াৱহ সংকটত নপৰে। নিজৰ বাবেই আজি পাকিস্তানৰ এই অৱস্থা। আৰু কাৰোবাক সহায় কৰাৰ প্ৰশ্নত ভাৰতৰ সৈতে সেই দেশৰ সম্পৰ্কৰ গুৰুত্ব বিবেচনা কৰা হয়।” বৈদেশিক মন্ত্ৰীগৰাকীয়ে শ্ৰীলংকাকএইক্ষেত্ৰত উদাহৰণ হিচাপে উল্লেখ কৰে। তেওঁ বুজাই দিয়ে যে ইছলামবাদৰ সৈতে সম্পৰ্ক একেবাৰেই বেয়া ৷
সূত্ৰসমূহৰ মতে, আগন্তুক বৈঠকত ইউক্ৰেইনৰ যুদ্ধত স্থবিৰ হৈ পৰা সামগ্ৰিক অৰ্থনীতিৰ পুনৰুদ্ধাৰৰ বিষয়ে আলোচনা কৰা হ’ব। উন্নয়নশীল দেশসমূহৰ ঋণৰ বোজা হ্ৰাস কৰাৰ উপায় বিচৰা হ’ব। এই বৈঠকত উপস্থিত থাকিব আমেৰিকাৰ কোষাগাৰ সচিব জেনেট য়েলেন। আমেৰিকাই কয় যে চীনে কম আৰু মধ্যম আয়ৰ দেশসমূহক দিয়া বৃহৎ ঋণ বন্ধ কৰাৰ কথা চিন্তা কৰিব লাগে। নতুন দিল্লীয়েও এই সন্দর্ভত একে মত পোষণ কৰি আহিছে ৷