আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডোনেল ট্ৰাম্পৰ সমগ্ৰ বিশ্বতে আছে বহু অনুৰাগী ৷ একেদৰে ভাৰততো বহুত অনুৰাগী আছে ট্ৰাম্পৰ ৷ উত্তৰ-পূব ৰাজ্য মেঘালয়ৰ এখন সৰু গাঁৱত বাস কৰে ডোনালাদ ট্ৰাম্পৰ এনে এজন অনুৰাগীয়ে ।তেওঁৰ নাম পাইচেছফুল পাচিয়াং। মেঘালয়ৰ এই ২৩ বছৰীয়া যুৱকজনে শেহতীয়াকৈ নিৰ্মাণ কৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ এটি কাঠৰ মূৰ্তি ।
মেঘালয়ৰ পূব জয়ন্তিয়া পাহাৰ জিলাৰ মুলামাইলিয়াং গাঁৱৰ বাসিন্দা পাইচেছফুল পাচিয়াং নামৰ যুৱকজন ডনাল্ড ট্ৰাম্পৰ এজন ডাঙৰ অনুৰাগী ।
মূৰ্তি নিৰ্মাণ কৰি যুৱকজনে কয় যে তেওঁ ডনাল্ড ট্ৰাম্পৰ এজন ডাঙৰ অনুৰাগী আৰু তেওঁক সমৰ্থন কৰে ।পাইচেছফুল পাচিয়াঙে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পক সন্মান জনাবলৈ কাঠৰ মূৰ্তিটো নিৰ্মাণ কৰিছিল।
পাইচেছফুল পাচিয়াঙে লগতে কয় যে তেওঁ এই মূৰ্তিটো নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰিছিল কাৰণ ২০১৬ চনত ট্ৰাম্প আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হোৱাৰ পৰাই তেওঁৰ (ডনাল্ড ট্ৰাম্প) ডাঙৰ অনুৰাগী হৈ পৰে পাচিয়াং ।২০১৭ চনৰ ২০ জানুৱাৰী তাৰিখে ডনাল্ড ট্ৰাম্পে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৪৫ তম ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিছিল।
আনহাতে পাইচেছফুল পাচিয়াঙে কয় যে তেওঁ এদিন ডনাল্ড ট্ৰাম্পক লগ কৰিব বিচাৰে আৰু ভৱিষ্যতে তেওঁ ট্ৰাম্পৰ দৰে হ’ব বিচাৰে আৰু ভাৰতৰ সেৱা কৰিব বিচাৰে।লগতে পাচিয়াঙে কৈছিল যে তেওঁ ভৱিষ্যতে ভাৰতৰ প্ৰধানমন্ত্ৰী হ’বলৈ ইচ্ছা কৰে।