ৰাজধানীৰ মাজমজিয়াত ‘পিংক পাৰ্ক’ নামেৰে ২৫০খন নতুন উদ্যান নিৰ্মাণ কৰা হ’ব ৷ অৱশ্যে এই উদ্যানখনৰ কিছুমান অনন্য বৈশিষ্ট্য আছে। এই পিংক পাৰ্কত পুৰুষৰ প্ৰৱেশৰ অনুমতি নাই। উদ্যানসমূহত ১০ বছৰৰ তলৰ শিশু আৰু মহিলাসকলকহে প্ৰৱেশ কৰিব পাৰিব। মহিলাৰ সুৰক্ষাৰ কথা মনত ৰাখি দিল্লী পৌৰসভাই গ্ৰহণ কৰিছে এই পদক্ষেপ।
ইতিমধ্যে ৰাজধানীৰ বিভিন্ন প্ৰান্তত উদ্যান নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈছে। কেইবাখনো উদ্যান সম্পূৰ্ণ হোৱাৰ পথত ৷ দিল্লী পৌৰসভাৰ ৱাৰ্ডৰ সংখ্যা ২৫০টা। প্ৰতিটো ৱাৰ্ডত এখনকৈ পাৰ্ক থাকিব। উদ্যানসমূহত চিচিটিভিৰ পৰা আৰম্ভ কৰি ব্যায়ামৰ সঁজুলি, শৌচাগাৰলৈকে একাধিক সুবিধা থাকিব। পাৰ্কৰ বেৰখত গোলাপী ৰঙ দিয়া হ’ব। মহিলাসকলে যাতে এই উদ্যানখন নিৰাপদে ব্যৱহাৰ কৰিব পাৰে তাৰ উদ্দেশ্যে এই উদ্যানখন নিৰ্মাণ কৰা হৈছে।
ৰাজধানীত উদ্যানৰ সংখ্যাও কম নহয়। কিন্তু সেইবোৰ কেৱল মহিলাৰ বাবে নহয়। তাত বিভিন্ন সা-সুবিধা থকাৰ পাছতো মহিলাসকল নিশ্চিন্ত নহয়। সেয়েহে মহিলাসকলৰ কথা মনত ৰাখি এনে এখন উদ্যান গঢ়ি তোলাৰ পৰিকল্পনা কৰা হৈছে। শেহতীয়াকৈ এখন মডেল পাৰ্ক উদ্বোধন কৰা হয়, যাৰ নির্মাণ ব্যয় ২৫ লাখ টকা ৷