গাড়ীৰ খুন্দাত দুখন ভৰি আঘাতপ্ৰাপ্ত হৈছিল এটা পোহনীয়া কুকুৰ । মালিকে সেই অৱস্থাতে পোহনীয়া জন্তুটোক পথত এৰি থৈ গ’ল। কুকুৰ প্ৰেমী এটা সংগঠনে মেক্সিকোৰ ৰাজপথৰ পৰা আহত কুকুৰটোক উদ্ধাৰ কৰে। শেহতীয়াকৈ বিখ্যাত বিলাসী গাড়ী নিৰ্মাতা মাৰ্চিডিজ বেঞ্জে কুকুৰটোক হুইল চেয়াৰ এখন উপহাৰ দিছে ৷
মাৰ্চিডিজ বেঞ্জে হুইল চেয়াৰ নিৰ্মাণ নকৰে। কিন্তু এই ক্ষেত্ৰত তেওঁলোকে নিজৰ নিয়ম-নীতিৰ বাহিৰলৈ গৈ হুইল চেয়াৰখন নির্মাণ কৰিছে । সেয়ে ইয়াক কেৱল হুইল চেয়াৰ বুলি ক’বলৈ অনিচ্ছুক মাৰ্চিডিজ কোম্পানীয়ে। তেওঁলোকে বিশেষ ‘গাড়ী’খনৰ নাম ৰাখিলে ‘বাণীজ বেঞ্জ’। বাণী হৈছে দুৰ্ঘটনাগ্ৰস্ত কুকুৰটোৰ নাম । কুকুৰটোৰৰ কথা মনত ৰাখিয়েই তেওঁৰ সন্মানত গাড়ীখন নিৰ্মাণ কৰা হৈছিল – সেইটোকে বুজাবলৈ এই নামকৰণ কৰা।
বাণীৰ বাবে হঠাৎ এই বিশেষ ব্যৱস্থা কিয়? মাৰ্চিডিজ বেঞ্জৰ দৰে কোম্পানীয়ে কুকুৰৰ কথা ভাবি কিয় নিজৰ কামৰ নিয়ম সলনি কৰিলে? বানিৰ উদ্ধাৰ সংস্থাই ইনষ্টাগ্ৰামত দুটা খণ্ডত সেই কাহিনী উল্লেখ কৰিছে ৷
উল্লেখ্য যে চলিত বৰ্ষৰ আৰম্ভণিতে মেক্সিকোৰ ৰাজপথৰ পৰা উদ্ধাৰ কৰা হৈছিল বাণীক। কুকুৰটোৰ ভৰিৰ আঘাত ইমানেই বেছি আছিল যে পিছফালৰ দুয়োখন ভৰি কাটিবলগীয়া হৈছিল। বানি বাচিল। কিন্তু বাণীৰ বাবেখোজ কঢ়াটো প্ৰত্যাহ্বান হৈ পৰিল। কিন্তু সুস্থ হৈ উঠাৰ পাছত সকলোকে আচৰিত কৰি বাণীয়ে মাত্ৰ দুখন ভৰিৰে দৌৰিবলৈ ধৰিলে। তেওঁ নিজৰ দলৰ সুস্থ কুকুৰবোৰৰ লগত প্ৰতিযোগিতা কৰি থাকিল। বাণী সুস্থ হোৱাৰ ভিডিঅ’ পোষ্ট কৰি সংগঠনটোৱে কিছুদিন পূৰ্বে লিখিছিল, বাণীক এইবাৰ হুইল চেয়াৰৰ প্ৰয়োজন। পোষ্টটোৰ তলত কোনোবাই লিখিছিল , “কেৱল যিকোনো হুইল চেয়াৰ নহয়, সাহসী বাণীক মাৰ্চিডিজ বেঞ্জৰ হুইল চেয়াৰ লাগে।” ইয়াৰ পিছত কোম্পানীটোৱে মাৰ্চিডিজ বেঞ্জৰ সৈতে যোগাযোগ কৰে। বাণীৰ কাহিনী কৈ সংগঠনটোৱে অনুৰোধ কৰে যে তেওঁলোকে বাণীৰ বাবে এখন হুইল চেয়াৰ বনাব বিচাৰে নেকি? মাৰ্চিডিজ মান্তি হ’ল। বাণীক উদ্ধাৰ কৰি খোজ কঢ়াৰ নতুন সুযোগ দিয়াৰ বাবে মাৰ্চিডিজ বেঞ্জ কোম্পানীটোক প্ৰশংসা কৰে সংগঠনটোৱে ।