টুইটাৰৰ পাছত এইবাৰ চাকৰি হেৰুওৱাব ফেচবুক পৰিচালনা কৰা মার্ক জুকাৰবার্গ মালিকানাধীন মেটা প্লেটফৰ্মছ ইনকৰ্পৰেশ্যনে ৷ চলিত সপ্তাহত বৃহৎ পৰিসৰত কর্মচাৰী ছাটাই কৰাৰ পৰিকল্পনা কৰিছে প্ৰতিষ্ঠানটোৱে ৷ বুধবাৰৰ পৰা কর্মচাৰীক অব্যাহতি দিয়াৰ সম্ভাৱনা আছে প্ৰতিষ্ঠানটোৱে ৷
ফেচবুক পৰিচালনা কৰা মেটাই অক্টোবৰ মাহত উপার্জন যথেষ্ট হ্ৰাস হোৱা বুলি প্ৰকাশ কৰাৰ লগতে অহা বছৰ ব্যয় বৃদ্ধি হ’ব বুলি আশংকা কৰিছে ৷ যাৰ ফলত মেটাৰ শ্বেয়াৰ বজাৰৰ মূল্য প্ৰায় ৬৭ বিলিয়ন ডলাৰ হ্ৰাস কৰা হৈছিল ৷
মেটাই বিশ্বজুৰি অৰ্থনৈতিক মন্থৰতা, টিকটকৰ পৰা প্ৰতিযোগিতা, এপলৰ সুৰক্ষা ব্যৱস্থাৰ পৰিৱৰ্তন, মেটাভাৰ্ছত ব্যাপক ব্যয় আদিৰ পৰা প্ৰত্যহ্বানৰ সন্মুখীন হৈছে ৷
মুখ্য কাৰ্যবাহী মাৰ্ক জুকাৰবাৰ্গে কয় যে মেটাভাৰ্ছৰ বিনিয়োগৰ পৰা লাভ অর্জন কৰিবলৈ প্ৰায় এদশক সময়ৰ প্ৰয়োজন হ’ব ৷ যাৰ বাবে ব্যয় কর্তন কৰিবলৈ নিযুক্তি-প্ৰকল্প বন্ধ ৰাখিবলগীয়া হৈছে প্ৰতিষ্ঠানটোৱে ৷
ছ’চিয়েল মিডিয়া কোম্পানীটোৱে জুন মাহত অভিযন্তা নিযুক্তিৰ পৰিকল্পনা কমেও ৩০% কৰ্তন কৰিছিল ৷ মাৰ্ক জুকাৰবাৰ্গে কৰ্মচাৰীসকলক অৰ্থনৈতিক মন্দাৱস্থাৰ বাবে সাজু হ’বলৈ সকীয়াই দিছিল।
মেটাৰ শ্বেয়াৰহোল্ডাৰ আলটিমিটাৰ কেপিটেল মেনেজমেণ্টে মাৰ্ক জুকাৰবাৰ্গলৈ লিখা এখন মুকলি পত্ৰত পূৰ্বে কৈছিল যে কোম্পানীটোৱে চাকৰি আৰু মূলধনী ব্যয় কৰ্তন কৰি সুশৃংখলিত কৰাৰ প্ৰয়োজন আছে ৷ তেওঁ লগতে কয় যে মেটাভাৰ্ছত ব্যয় বৃদ্ধি কৰাৰ বাবে বিনিয়োগকাৰীয়ে মেটাৰ ওপৰত আস্থা হেৰুৱাই পেলাইছে।
মাইক্ৰ’ছফ্ট কৰ্প , টুইটাৰ আৰু স্নেপকে ধৰি কেইবাটাও প্ৰযুক্তি কোম্পানীয়ে যোৱা কেইমাহমানত চাকৰি কৰ্তন আৰু নিযুক্তি হ্ৰাস কৰিছে ৷ উচ্চ সুতৰ হাৰ, মুদ্ৰাস্ফীতি আৰু ইউৰোপত শক্তি সংকটৰ বাবে বিশ্বৰ অৰ্থনৈতিক দুৰৱস্থা আদি কাৰণত প্ৰতিষ্ঠানসমূহ লোকচানৰ সন্মুখীন হৈছে ৷