যোৱা সপ্তাহত জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বিনজো আবেক এখন ৰাজহুৱা সভাৰ মাজতে হত্যা কৰাৰ পাছত ভি ভি আই পিৰ সুৰক্ষাক লৈ উদ্বিগ্ন হৈ পৰিছে কেন্দ্ৰীয় চৰকাৰ ৷ আবেৰ হত্যাকাণ্ডৰ পাছতে ভাৰত চৰকাৰে সকলো নিৰাপত্তা সংস্থালৈ পত্ৰ প্ৰেৰণ কৰি ভিভিআইপিৰ নিৰাপত্তাৰ ওপৰত বিশেষ গুৰুত্ব দিবলৈ নির্দেশ দিছে ৷
প্ৰাপ্ত তথ্য অনুসৰি গৃহ মন্ত্ৰালয় আৰু কেন্দ্ৰীয় চোৰাংচোৱা আৰু নিৰাপত্তা সংস্থাৰ জ্যেষ্ঠ বিষয়াসকলে ভিভিআইপিসকলৰ সুৰক্ষাৰ ক্ষেত্ৰত থকা সুৰুঙাসমূহৰ বিষয়ে পর্যালোচনা কৰি সংশ্লিষ্ট সংস্থাসমূহলৈ এই নির্দেশ প্ৰদান কৰে ৷
কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী (চি আৰ পি এফ), ৰাষ্ট্ৰীয় নিৰাপত্তা গাৰ্ড (এন এছ জি) আৰু কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনীৰ লগতে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ আৰক্ষীকে ধৰি একাধিক বাহিনীয়ে শতাধিক ভিভিআইপিৰ সুৰক্ষাত নিয়োজিত হৈ আছে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সুৰক্ষা ব্যৱস্থা তদাৰক কৰে এছপিজিয়ে ।
যোৱা ৮ জুলাইত ভিআইপি নিৰাপত্তা ইউনিট , ৰাজ্য চৰকাৰ আৰু আৰক্ষীলৈ প্ৰেৰণ কৰা পএৰ জৰিয়তে ভিআইপি-ভিভিআইপিৰ সুৰক্ষাৰ বিষয়ে সজাগ হ’বলৈ আহ্বান জনোৱা হৈছে ৷
ভি আই পিসকলে অংশগ্ৰহণ কৰা ৰাজহুৱা সভা অনুষ্ঠিত হোৱা স্থানৰ চাৰিওফালে নজৰ ৰাখিব লাগিব সুৰক্ষা কর্মীয়ে ৷ বিশেষকৈ ভিভিআইপি উপস্থিত থকা অনুষ্ঠানত সংশ্লিষ্ট ইউনিটসমূহক সঠিক প্ৰৱেশ পথৰ ওপৰত বিশেষ ধ্যান দিবলৈ কোৱা হৈছে ৷ ভিৰ নিয়ন্ত্ৰণৰ লগতে ভি আই পি আৰু ভি ভি আই পিৰ গতিবিধিৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিবলৈয়ো নির্দেশ প্ৰদান কৰা হৈছে ৷