কৃষ্ণাই,২৫অক্টোবৰঃ গোৱালপাৰা জিলাৰ লক্ষীপুৰত মিঞা সংগ্ৰাহলয় স্থাপন কৰিবলৈ গৈ মিঞা পৰিষদে দেশী জনগোষ্ঠীয় লোকৰ অস্তিত্ব গুৰুত্বহীন কৰিব বিচৰা বুলি অভিযোগ উত্থাপন কৰিছে দেশী জনগোষ্ঠীয় মঞ্চ,অসমে। আজি কাকতলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি দেশী জনগোষ্ঠীয় মঞ্চ অসমে কয়-
“২৩ অক্টোবৰ তাৰিখে সামাজিক আৰু বৈদ্যুতিন মাধ্যমত গোৱালপাৰা জিলাৰ লক্ষীপুৰ ৰাজহ গাঁৱৰ মিঞা পৰিষদৰ নেতা মিঞা মহৰ আলীৰ নিজৰ গৃহত “মিঞা সংগ্ৰহালয়” এটি উদ্বোধন কৰাৰ বাতৰি প্ৰচাৰ হোৱা আমাৰ দৃষ্টি গোচৰ হৈছে। মিঞা পৰিষদে মিঞা মিউজিয়াম প্ৰতিষ্ঠা কৰিছে , দুদিন পিছত চন্দ্ৰলৈ মাটি বিচাৰি যাব, তাত আমাৰ ক’ব লগীয়া একো নাই,কিন্তু ১ কোটি ৪০ লাখ মিঞাৰ মুখত হাঁহিৰ কথা ক’বলৈ গৈ পশ্চিম অসমৰ ১৪ লাখ ৫০ হেজাৰ দেশী মানুহক হাইজেক কৰি নিজৰ মিঞাৰ খালৈত সুমুৱাই লৈ দেশী সকলৰ সুকীয়া জনগোষ্ঠীয় পৰিচয়ক নস্যাৎ কৰাৰ এই গভীৰ ষড়যন্ত্ৰক আমি দেশী জনগোষ্ঠীয় মঞ্চ, অসমে তীব্ৰ গৰিহণা দিছোঁ আৰু প্ৰতিবাদ কৰিছোঁ।“
দেশী জনগোষ্ঠীয় মঞ্চ, অসমৰ কেন্দ্ৰীয় সভাপতি শ্বেখ হেদায়েতুল্লাহ আৰু সাধাৰণ সম্পাদক সহিদুল ইছলাম স্বাক্ষৰিত প্ৰেছ বিজ্ঞপ্তিটোত লগতে উল্লেখ কৰিছে যে, পশ্চিম অসমৰ দেশী সকলৰ মূল সমস্যাই হ’ল অস্তিত্ব আৰু পৰিচয় সংকট ৷ বাৰে বাৰে দেশী সকলে ঘোষণা কৰিছে যে নিজস্ব দোৱান, খাদ্য অভ্যাস, পোচাক- পৰিচ্ছদ, গীত-মাত, নৃত্য, পৰম্পৰা, আদিৰে সৈতে দেশী সকল এটি কোচ, নাথ- যোগী, ৰাভা আদি মূলীয় মিশ্ৰিত জনগোষ্ঠী। “আমাক আমাৰ সুকীয়া পৰিচয় লৈ শান্তিত থাকিবলৈ দিয়ক।
আমাক জোৰ কৰি টানি লৈ নিজৰ চেপাত পেলাবলৈ অযথা চেষ্টা নকৰিব“ বুলি সংগঠন টোৱে প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে মিঞা পৰিষদৰ নেতাক সকিয়াই দিয়ে। লগতে গোৱালপাৰীয়া লোক-গীত আৰু লোক -নৃত্যৰ নামত দেশী লোক গীত আৰু লোক গীতক “হাইজেক” কৰাৰ পৰা বিৰত থাকিবলৈও মিঞা পৰিষদৰ নেতা কৰ্মীক সংগঠন টোৱে সকিয়াই দি কয়- “এতিয়া মহাখিলঞ্জীয়াই নিজৰ ইতিহাস নতুনকৈ নিৰ্মাণ কৰিবলৈ গৈ আলি মেচক টানিবলৈ আৰম্ভ কৰিছে। কেৱল “হাইজেক” আৰু ” হাইজেক”।
এতিয়া সংগ্ৰহৰ নামত দেশীৰ সম্পদ মিঞা পৰিষদৰ সম্পদ হিচাপে যাতে সংগ্ৰহালয়ত “হাইজেক” কৰি জমা কৰিব নোৱাৰে তাৰ প্ৰতি তীক্ষ্ণ নজৰ ৰাখিবলৈ হ’ল।“ এই ক্ষেত্ৰত বৰ্তমানৰ চৰকাৰ খনক অতি সোনকালে দেশী সকলৰ সুকীয়া জৰীপ কৰি সুকীয়া পৰিচয় আৰু অস্তিত্ব ৰক্ষাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰাৰ বাবেও দেশী জনগোষ্ঠয় মঞ্চ, অসমে একেখন প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে আহ্বান জনায় ।