আজি বেংগালুৰুত এখন সংবাদমেলত কৃষক নেতা ৰাকেশ টিকাইতক মাইক্ৰ’ফোনেৰে আক্ৰমণ কৰাৰ পিছত তেওঁৰ ওপৰত চিয়াঁহী নিক্ষেপ কৰা হয়।প্ৰাপ্ত তথ্য অনুসৰি এজন লোক টিকাইটৰ ওচৰলৈ গৈ তেওঁৰ সন্মুখত ৰখা মাইক্ৰ’ফোন এটাৰে আঘাত কৰে ৷ তাৰ পিছত আন এজন লোকে তেওঁক লক্ষ্য কৰি চিয়াঁহী নিক্ষেপ কৰে ৷ কৃষক নেতাগৰাকীৰ সমৰ্থকসকলে তেওঁক ৰক্ষা কৰিবলৈ দৌৰি আহে যদিও ঘটনাস্থলীত এক বিশৃংখল পৰিৱেশৰ সৃষ্টি হয়। আনকি একাংশই চকীবোৰ ইফালে সিফালে দলিয়াই পেলাবলৈ চেষ্টা কৰে ৷
ভাৰতীয় কিষাণ ইউনিয়নৰ নেতা তথা বাতিল কৰা কৃষি আইনৰ বিৰুদ্ধে কৃষক আন্দোলনৰ নেতা হিচাপে পৰিগণিত হোৱা টিকাইতে সংবাদমেলত কৰ্ণাটকৰ এজন কৃষক নেতাই ধন বিচাৰি ধৰা পৰাৰ অভিযোগ উত্থাপন কৰে ৷ এই ঘটনাৰ পাছত বিজেপি চৰকাৰে অনুষ্ঠানস্থলীত নিৰাপত্তা প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰে টিকাইটে।