পুনৰ দুর্ঘটনাত পতিত হৈছে ভাৰতীয় বায়ু সেনাৰ মিগ-২১ যুজাঁৰু বিমান ৷ ভাৰতীয় বায়ু সেনাৰ মিগ-২১ বিমানখন শুকুৰবাৰে সন্ধিয়া প্ৰশিক্ষণৰ সময়ত ৰাজস্থানৰ জয়ছালমেৰ জিলাত দুৰ্ঘটনাগ্ৰস্ত হয় ৷ ফলত বিমানখনত থকা পাইলটজনৰ মৃত্যু হয়। দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা উইং কামাণ্ডাৰজন হৰ্ষিত সিনহা বুলি সদৰী কৰিছে ভাৰতীয় বায়ু সেনাই ৷
জয়ছালমেৰৰ আৰক্ষী অধীক্ষক অজয় সিঙে বিমান দুর্ঘটনা সন্দর্ভত কয় “আমি ভাৰতীয় বায়ু সেনাৰ এখন মিগ-২১ বিমান ডেজার্ট ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্গত চেম অঞ্চলত দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ বাতৰি লাভ কৰিছিলো ৷ বিমানখন জয়ছালমেৰৰ বিমান ঘাটিৰ পৰা উৰা মাৰিছিল ৷” এই তথ্য লাভ কৰাৰ পাছতে তেওঁ ঘটনা সন্দর্ভত বায়ুসেনাক অৱগত কৰাৰ লগতে ঘটনাস্থলীলৈ ৰাওনা হয় ৷ ভাৰতীয় বায়ু সেনাইয়ো এক টুইটযোগে এই ঘটনাত দুখ প্ৰকাশ কৰিছে আৰু বায়ু সেনাৰ এটা দলো ঘটনাস্থলীত উপস্থিত হৈছে।এই দুর্ঘটনাৰ এক এটা তদন্তৰ নিৰ্দেশ দিছে বায়ুসেনাই ৷