ছোভিয়েট ইউনিয়নৰ পতনৰ দ্বাৰা ইতিহাসৰ গতিপথ সলনি কৰা বিংশ শতিকাৰ অন্যতম মহান ব্যক্তি মিখাইল গৰ্বাচেভৰ ৯১ বছৰ বয়সত মৃত্যু হয়। মস্কোত শেষ নিস্বাস ত্যাগ কৰে বিশ্ব বিখ্যাৎ নেতাজনে ৷ গুৰুতৰ আৰু দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত মস্কোৰ এখন কেন্দ্ৰীয় চিকিৎসালয়ত কালি গৰ্বাচেভৰ মৃত্যু হয় ৷
ছোভিয়েট নেতা হিচাপে তেওঁৰ সংস্কাৰে তেওঁৰ দেশক পৰিৱৰ্তিত কৰিছিল ৷ ক্ষমতাৰ সময়ছোৱাত তেওঁ ‘পূৱ ইউৰোপ’ক ছোভিয়েট শাসনৰ পৰা নিজকে মুক্ত কৰিবলৈ অনুমতি দিছিল।শান্তিৰ বাৰ্তা বিলাই সমগ্ৰ বিশ্বক এক নতুন গতি দিয়া নেতাগৰাকীয়ে ১৯৯০ চনত শান্তিৰ ন’বেল বঁটা লাভ কৰিছিল ৷ অৱশ্যে বিশ্বব্যাপী মহাশক্তি হিচাপে পৰিগণিত হোৱা ৰাছিয়াৰ পতনৰ বাবে তেওঁ বহুতো ৰাছিয়ানৰ ঘৃণাৰ পাত্ৰ হৈছিল৷ ।
১৯৩১ চনৰ ২ মাৰ্চ তাৰিখে সেই সময়ৰ ছোভিয়েট ইউনিয়নৰ অন্যতম গণৰাজ্য ৰাছিয়ান ছোভিয়েট ফেডাৰেটিভ ছ’চিয়েলিষ্ট ৰিপাব্লিকৰ প্ৰিভলনোয়ে, ষ্টাভৰোপোল ক্ৰাই গাঁৱত জন্ম হৈছিল গৰ্বাচেভৰ ৷ গৰ্বাচেভৰ পিতৃৰ পৰিয়াল আছিল ৰাছিয়ান আৰু বহু সময়ৰ আগতেই তেওঁলোক ভৰোনেজৰ পৰা অঞ্চলটোলৈ গুচি গৈছিল ৷ আনহাতে তেওঁৰ মাতৃৰ পৰিয়ালটো আছিল ইউক্ৰেইনিয়ান যি চেৰনিহিভৰ পৰা প্ৰব্ৰজন কৰিছিল ৷
তেওঁৰ পিতৃ-মাতৃয়ে জন্মৰ সময়ত তেওঁৰ নাম ভিক্টৰ ৰাখিছিল ৷ পৰৱৰ্তী সময়ত তেওঁৰ ককাদেউতাকে তেওঁক মিখাইল নাম দিছিল। তেওঁৰ পিতৃ ছেৰ্গেই আন্দ্ৰেয়েভিচ গৰ্বাচেভৰ সৈতে তেওঁৰ সম্পৰ্ক ঘনিষ্ঠ আছিল আনহাতে তেওঁৰ মাক মাৰিয়া পাণ্টেলেয়েভনা গৰ্বাচেভা বৰ শান্ত স্বভাৱৰ আছিল। এক দৰিদ্ৰ কৃষক পৰিয়ালৰ সন্তান আছিল গৰ্বাচেভ।
১৯২৮ চনত কিশোৰ অৱস্থাতে বিবাহ পাশত আৱদ্ধ হোৱা গাৰ্বাচেভে স্থানীয় পৰম্পৰা অনুসৰি প্ৰথমতে তেওঁলোকৰ নিজৰ ঘৰ নিৰ্মাণ নকৰা পৰ্যন্ত দেউতাকৰ ঘৰত বাস কৰিছিল ৷
পৰৱৰ্তী সময়ত এইজন গাৰ্বাচেভেই এজন ৰাছিয়ান আৰু ছোভিয়েট ৰাজনীতিবিদ হিচাপে সমগ্ৰ বিশ্বতে সমাদৃত হয় যি ছোভিয়েট ইউনিয়নৰ অন্তিম নেতা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৮৮ চনৰ পৰা ১৯৯১ চনলৈ দেশৰ ৰাষ্ট্ৰপ্ৰধান হিচাপে , ১৯৮৮ চনৰ পৰা ১৯৮৯ চনলৈ সৰ্বোচ্চ ছোভিয়েটৰ প্ৰেছিডিয়ামৰ অধ্যক্ষ, ১৯৮৯ চনৰ পৰা ১৯৯০ চনলৈ উচ্চতম ছোভিয়েটৰ অধ্যক্ষ, ১৯৮৫ চনৰ পৰা ১৯৯১ চনলৈ ছোভিয়েট ইউনিয়নৰ কমিউনিষ্ট পাৰ্টিৰ সাধাৰণ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল তেওঁ । আদৰ্শগতভাৱে, গৰ্বাচেভে প্ৰথমতে মাৰ্ক্সবাদ-লেনিনবাদক মানি চলিছিল, কিন্তু ১৯৯০ দশকৰ আৰম্ভণিতে তেওঁ সামাজিক গণতন্ত্ৰৰ দিশেহে ক্ৰমাৎ আগবাঢ়িছিল।
বিংশ শতিকাৰ দ্বিতীয়াৰ্ধৰ অন্যতম গুৰুত্বপূৰ্ণ ব্যক্তি হিচাপে বিবেচিত হোৱা গৰ্বাচেভ হ’ল শান্তিৰ ন’বেল বঁটাকে ধৰি বহু সন্মানৰ অধিকাৰী ৷ ছোভিয়েট ইউনিয়নত নতুন ৰাজনৈতিক আৰু অৰ্থনৈতিক স্বাধীনতা প্ৰৱৰ্তন কৰা আৰু পূৱ আৰু মধ্য ইউৰোপত মাৰ্ক্সবাদী-লেনিনবাদী প্ৰশাসনৰ পতন আৰু জাৰ্মানীৰ একত্ৰীকৰণ দুয়োটাতে তেওঁৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ বাবে তেওঁ সমগ্ৰ বিশ্বতে প্ৰশংসিত ৷
এইজনা মহান ব্যক্তিৰ মৃত্যুত সমগ্ৰ বিশ্বৰ নেতৃস্থানীয় ব্যক্তিসকলে সামাজিক মাধ্যমকে আদি কৰি বিভিন্ন মাধ্যম যোগে শোক প্ৰকাশ কৰাৰ লগতে তেওঁৰ মহান অৱদানক শ্ৰদ্ধাৰে সুঁৱৰিছে ৷