চুডানত সামৰিক-অৰ্ধসামৰিক গৃহযুদ্ধৰ মাজতে এইবাৰ সামৰিক অভ্যুত্থানৰ সাক্ষী হ’ল আফ্ৰিকাৰ আন এখন দেশ নাইজাৰ। বৃহস্পতিবাৰে পুৱা সেনাবাহিনীৰ এটা অংশই প্ৰকাশ কৰা বিবৃতি অনুসৰি তাত নিৰ্বাচিত ৰাষ্ট্ৰপতি মহম্মদ বাজৌমক গৃহবন্দী কৰি ৰখা হৈছে।
পশ্চিম আফ্ৰিকাৰ দেশসমূহৰ মিত্ৰজোঁট “ইকোৱাছ”-এ কয় যে বুধবাৰে নিশা “ৰাষ্ট্ৰপতিৰ দেহৰক্ষী ৰেজিমেণ্ট”ৰ অভ্যুত্থান হৈছে । তেওঁক ৰাষ্ট্ৰপতি ভৱন ঘেৰি ধৰি গৃহবন্দী কৰি ৰখা হৈছে। গভীৰ নিশা নাইজাৰ সেনাৰ অভ্যুত্থান গোটৰ হৈ কৰ্ণেল আমাডু আব্দ্ৰামনে ৰাজ্যিক টিভি চেনেলত দেশবাসীক সম্বোধন কৰি কয়, “দেশত ক্ষমতাৰ পৰিৱৰ্তন হৈছে।দুৰ্বল ৰাষ্ট্ৰীয় নিৰাপত্তা, দুৰ্বল অৰ্থনীতি আৰু সামাজিক অশান্তিৰ বাবেই সেনাই চৰকাৰক উৎখাত কৰে।“
কৰ্ণেল আব্দ্ৰামনে কয় যে দেশত অস্থায়ী সান্ধ্য আইন জাৰি কৰা হৈছে। বন্ধ কৰি দিয়া হৈছে সকলো চৰকাৰী-বেচৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠান। লগতে চৰকাৰী কাম-কাজ সাময়িকভাৱে পৰিচালনা কৰিবলৈ সেনাই ‘অন্তৱৰ্তীকালীন পৰিষদ’ গঠন কৰা বুলিও কয়। উৎখাত হোৱা ৰাষ্ট্ৰপতি আৰু তেওঁৰ পৰিয়ালৰ লোকৰ অৱস্থা ভাল বুলি কোৱা হৈছে। আমেৰিকা আৰু পশ্চিম আফ্ৰিকান ইউনিয়নে বাজুমক মুকলি কৰি দিবলৈ সেনাবাহিনীক আবেদন জনাইছে। ইয়াৰ মাজতে আফ্ৰিকাৰ একাংশ সংবাদ মাধ্যমে প্ৰকাশ কৰিছে যে বাজুমৰ প্ৰতি আনুগত্যশীল সৈন্যই “ৰাষ্ট্ৰপতিৰ দেহৰক্ষী ৰেজিমেণ্ট”ৰ ওপৰত আক্ৰমণৰ সতৰ্কবাণী দিছে।