বেংকৰ লকাৰত ৰখা গ্ৰাহকৰ লাখ লাখ টকা কূটি পেলালে উইপোকে । বেংকৰ পৰা ধন উলিয়াবলৈ লকাৰ খোলাৰ লগে লগে মহিলা গ্ৰাহকগৰাকী হতভম্ব হৈ পৰে। লকাৰৰ ভিতৰত হাজাৰ হাজাৰ উইপোকে বাহ সাজি থকা তেওঁ প্ৰত্যক্ষ কৰে । উইপোকে টকাৰ বাণ্ডিলবোৰ কাটি টুকুৰাটুকুৰ কৰি পেলায় ৷ সঞ্চিত ধনৰ পৰিণতি দেখি গ্ৰাহক গৰাকীয়ে ঠাইতে অচেতন হৈ পৰে ৷
ৰাজস্থানৰ উদয়পুৰত সংঘটিত হৈছে এই ঘটনা। গ্ৰাহকৰ নাম সুনীতা মেহতা। বৃহস্পতিবাৰে তেওঁ উদয়পুৰৰ এটা চৰকাৰী বেংকৰ লকাৰত ৰখা ধন উলিয়াবলৈ গৈছিল। লকাৰটো খুলিয়েই দৃশ্যটো দেখি বেংক কৰ্তৃপক্ষক খবৰ দিয়ে। বেংকৰ কৰ্মচাৰীসকলো এনে দৃশ্য দেখি স্তম্ভিত হৈ পৰিল। বেংকৰ গাফিলতিৰ অভিযোগ তুলিছে সুনিতাই। তেওঁৰ মতে, গ্ৰাহকে এই ধন বেংকৰ আস্থাত ৰাখিছিল। কিন্তু এই বেংক কৰ্তৃপক্ষই ইয়াৰ প্ৰতি কোনো গুৰুত্ব নিদিলে। কীটনাশক দ্ৰব্য নিদিয়াৰ বাবে উইপোকে বেংকৰ লকাৰত বাহ লবলৈ সুযোগ পালে।
সুনীতাই কয় , “বেংকৰ লকাৰত ৰখা মোৰ সকলো টকা উইপোকে খাই পেলাইছে ৷ লকাৰত আছিল ২ লাখ ১৫ হাজাৰ টকা। এই ঘটনাৰ বাবে দায়ী বেংক কৰ্তৃপক্ষ।” বেংকৰ মেনেজাৰ প্ৰবীণকুমাৰ যাদৱে কয় যে এই ঘটনাৰ বিষয়ে উচ্চ কৰ্তৃপক্ষক খবৰ দিয়া হৈছে। গ্ৰাহকক মাতি অনা হৈছে । তেওঁলোকৰ লগত বহি বিষয়টো সমাধান কৰিবলৈ চেষ্টা কৰিম। গ্ৰাহকে ধন ঘূৰাই পাবনে নাই এই সন্দৰ্ভত কোনো মন্তব্য কৰা নাই মেনেজাৰে।