VOICE 24x7
Wednesday, May 7, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

জনতা ভৱনত প্ৰধানমন্ত্ৰী গতিশক্তি সম্পৰ্কীয় বিশেষ কৰ্মশালাত অংশগ্ৰহণ মন্ত্ৰী অশোক সিংহলৰ

ওড়িশা জল নিগম আৰু ৱেপক’ছ লিমিটেডৰ প্ৰতিনিধিসকলৰ সৈতেও বৈঠক মন্ত্ৰী সিংহলৰ

voicedesk by voicedesk
April 4, 2023
in মুখ্য সংবাদ
জনতা ভৱনত প্ৰধানমন্ত্ৰী গতিশক্তি সম্পৰ্কীয় বিশেষ কৰ্মশালাত অংশগ্ৰহণ মন্ত্ৰী অশোক সিংহলৰ
0
SHARES
12
VIEWS
Share on FacebookShare on Twitter

দিছপুৰ, ৪ এপ্ৰিলঃ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংহলে আজি তেওঁৰ জনতা ভৱনস্থিত কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত ‘প্ৰধানমন্ত্ৰী গতিশক্তি ৰাষ্ট্ৰীয় মাষ্টাৰ প্লেন’ সম্পৰ্কীয় এক বিশেষ কৰ্মশালাত অংশগ্ৰহণ কৰে। গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ বিষয়ববীয়াসকলৰ লগতে গুৱাহাটীভিত্তিক বিভিন্ন সংস্থাৰ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰা এই কৰ্মশালাত পি এম গতিশক্তি পৰ্টেল ব্যৱহাৰৰ এক সামগ্ৰিক দৃষ্টিভংগীৰ বিষয়ে ব্যাখ্যা আগবঢ়োৱাৰ লগতে মূলতঃ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ লগত সম্পৰ্কিত বিষয়সমূহৰ বিষয়ে অংশগ্ৰহণকাৰীসকলক অৱগত কৰোৱা হয়।

উল্লেখযোগ্য যে ২০০১ চনৰ ১৩ অক্টোবৰ তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ মুখ্য আন্তঃগাঁথনিমূলক প্ৰকল্পসমূহ ৰূপায়ণৰ ক্ষেত্ৰত চৰকাৰৰ বিভাগীয় জটিলতাসমূহ আঁতৰোৱাৰ লগতে অংশীদাৰসকলৰ বাবে সামগ্ৰিক পৰিকল্পনাক প্ৰতিষ্ঠানিক ৰূপ দিয়াৰ দৃষ্টিভংগীৰে ‘প্ৰধানমন্ত্ৰী গতিশক্তি’ প্ৰকল্পৰ শুভাৰম্ভ কৰিছিল। ‘প্ৰধানমন্ত্ৰী গতিশক্তি ৰাষ্ট্ৰীয় মাষ্টাৰ প্লেন’ (এনএমপি) হৈছে ‘জিআইএছ’ আধাৰিত প্ৰযুক্তিৰ বিকাশ আৰু বহুমুখী আন্তঃগাঁথনি তথা অৰ্থনৈতিক ক্ষেত্ৰসমূহৰ সুসংগত বিকাশৰ বাবে বিভিন্ন মন্ত্ৰালয় তথা বিভাগৰ প্ৰচেষ্টা একত্ৰিত কৰাৰ বাবে এক প্ৰাতিষ্ঠানিক প্ৰণালী। ই হৈছে ‘ভাস্কৰাচাৰ্য ৰাষ্ট্ৰীয় মহাকাশ উপযোগ আৰু ভূ-তথ্য প্ৰতিষ্ঠান’ (বিআইএছএজি-এন)ৰ সহযোগিতাৰে বিকশিত এক একত্ৰ মঞ্চ। ভূমি অভিলেখ, পথ, ৰে’লপথ, অৰ্থনীতি ক্ষেত্ৰ আৰু ঔদ্যোগিক ক্ষেত্ৰৰ দৰে ১৩০০+ ‘জিআইএছ’ স্তৰ একত্ৰিত হোৱাৰ লগতে এই মঞ্চখনক সকলো কেন্দ্ৰীয় মন্ত্ৰালয়, বিভাগ আৰু ৰাজ্য চৰকাৰে ব্যৱহাৰ কৰি আছে, যাৰ ফলত প্ৰকল্প পৰিকল্পনা আৰু ৰূপায়ণৰ গতি দ্ৰুত হোৱাৰ উপৰি ব্যয় হ্ৰাস, দক্ষতা বৃদ্ধি, আৰু জনকল্যাণৰ পৰিসৰ বৃদ্ধি হৈছে।

আনহাতে, আজি পুৱা মন্ত্ৰী সিংহলে লোক নিৰ্মাণ বিভাগৰ বিষয়ববীয়াসকলক লগত লৈ গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামৰ সমীপৰ পৰা উলুবাৰীলৈকে নিৰ্মাণ কৰিবলগীয়া প্ৰস্তাৱিত নলাৰ স্থান পৰিদৰ্শন কৰে। ইয়াৰ পাছতে মন্ত্ৰীগৰাকীয়ে জনতা ভৱনত ওড়িশা জল নিগমৰ প্ৰতিনিধিসকলৰ সৈতে এক বৈঠকত মিলিত হয়। বৈঠকত ওড়িশা জল নিগমৰ দলটোৱে ৰাজ্যখনৰ বিভিন্ন চহৰত তেওঁলোকৰ “ডাইৰেক্ট ফ্ৰম টেপ ৱাটাৰ আঁচনি”ৰ সফল ৰূপায়ণৰ সন্দৰ্ভত মন্ত্ৰীগৰাকীৰ সন্মুখত এক প্ৰেজেণ্টেশ্যন দাঙি ধৰে আৰু অসমত ইয়াৰ ৰূপায়ণৰ সম্ভাৱনীয়তাৰ বিষয়ে আলোচনা কৰে।ইয়াৰ পাছতে তেওঁ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ বিষয়ববীয়াসকলৰ সৈতে হোৱা বৈঠকত ভাৰতৰ মাননীয় ৰাষ্ট্ৰপতি মহোদয়াৰ আগন্তুক ভ্ৰমণৰ বাবে স্থানৰ প্ৰস্তুতি, নিৰাপত্তাৰ ব্যৱস্থা ইত্যাদি সন্দৰ্ভত আলোচনা কৰে। আনহাতে আজি সন্ধিয়া মন্ত্ৰী সিংহলে ভাৰত চৰকাৰৰ জলশক্তি মন্ত্ৰালয়ৰ অধীনস্থ ৱেপক’ছ লিমিটেডৰ প্ৰতিনিধিসকলৰ সৈতে আন এখন বৈঠকত মিলিত হয়। এই বৈঠকত ৰাজ্যখনত ভৱিষ্যতৰ জলসিঞ্চন আঁচনিসমূহ অধিক ফলপ্ৰসূ কৰি তুলিবলৈ অসমত দূৰ সংবেদী “লাইট ডিটেকশ্যন এণ্ড ৰেঞ্জিং” (লিডাৰ) জৰীপ চলোৱাৰ বিষয়ে আলোচনা কৰে।

Previous Post

গুৱাহাটী বিশ্ববিদ্যালয়ৰ মাধৱ বেজবৰুৱা ছাত্ৰাৱাসৰ ন-পুৰণি সতীৰ্থ সন্মিলন

Next Post

একীকৃত মহানগৰ পৰিবহণ কৰ্তৃপক্ষৰ প্ৰথমখন বৈঠকত অংশগ্ৰহণ মন্ত্ৰী অশোক সিংহলৰ

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
একীকৃত মহানগৰ পৰিবহণ কৰ্তৃপক্ষৰ প্ৰথমখন বৈঠকত অংশগ্ৰহণ মন্ত্ৰী অশোক সিংহলৰ

একীকৃত মহানগৰ পৰিবহণ কৰ্তৃপক্ষৰ প্ৰথমখন বৈঠকত অংশগ্ৰহণ মন্ত্ৰী অশোক সিংহলৰ

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7