দিছপুৰ, ৯ নৱেম্বৰঃ ৰাজ্যৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা তথা জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংহলে আজি পুৱা ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তক তেখেতৰ বিধায়ক আৱাসস্থিত চৰকাৰী বাসগৃহত সাক্ষাৎ কৰে।
মন্ত্ৰী সিংহলে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী আৰু তেওঁৰ পৰিয়ালৰ সৈতে বাৰ্তালাপত মিলিত হোৱাৰ লগতে প্ৰাক্তন মুখ্যমন্ত্ৰী মহন্তৰ স্বাস্থ্যৰ বুজ লয় আৰু তেওঁৰ সুস্বাস্থ্য তথা দীৰ্ঘজীৱন কামনা কৰে।