নিমাতীঘাটৰ শোকাবহ নাও দুৰ্ঘটনাৰ বুজ ল’বলৈ যোৱা মন্ত্ৰী বিমল বৰাক আগচি ধৰিলে প্ৰতিবাদকাৰীয়ে।উপায়বিহীন হৈ প্ৰতিবাদকাৰীৰ মাজতে বহি পৰা মন্ত্ৰীগৰাকীক উপৰ্যুপৰি প্ৰশ্নবাণেৰে থকা-সৰকা কৰে উপস্থিত জনতাই।
ঘটনাত দুৰ্ভাগ্যজনক ভাৱে মৃত্যুবৰণ কৰিছিল মাজুলীৰ ৰঙাচাহী কলেজৰ প্ৰবক্তা পৰিমিতা দাসে। আনহাতে নাওখনত যাত্ৰা কৰা প্ৰায় ৯০ জন যাত্ৰীৰ ভিতৰত মৃত পৰিমিতাৰ সৈতে ৮৮ জনৰে সন্ধান ইতিমধ্যে পোৱা গৈছে।
ৰঙাচাহী কলেজৰ শিক্ষাৰ্থীসকল স্বাভাৱিকতেই উত্তেজিত হৈ পৰে আৰু তেওঁলোকৰ ক্ষোভৰ উদগীৰণ ঘটে তীব্ৰ প্ৰতিবাদৰ মাজেৰে। বিভিন্ন দল-সংগঠনৰ লগতে মাজুলীবাসীয়েও সাব্যস্ত কৰিছে এই প্ৰতিবাদ। ৰাইজৰ প্ৰশ্ন, এই দীৰ্ঘদিনীয়া দাবীৰ প্ৰতি কিয় কোনো ধৰণৰ মনোযোগ দিয়া নহ’ল?
সন্ধানহীন দুজন লোকৰ সন্ধান এতিয়াও অব্যাহত আছে। এন ডি আৰ এফৰ দলে ঘটনা সংঘটিত হোৱা সময়ৰ পৰা এই পৰ্যন্ত বিস্তাৰিত এলেকাত সন্ধানকাৰ্য চলাই আছে।
“ইয়াৰ বাবে অসম চৰকাৰ সম্পূৰ্ণৰূপে দায়বদ্ধ আৰু এইটো এটা নৰহত্যাৰ ঘটনা। ইয়াক অসম চৰকাৰৰ পৰিকল্পিত অপৰাধ হিচাপে গণ্য কৰা উচিত” বুলি এগৰাকী মহিলা প্ৰতিবাদকাৰীয়ে মন্তব্য কৰে।
আনহাতে ঘটনাস্থলীত উপস্থিত হৈ মাজুলীৰ নাও দুৰ্ঘটনাৰ তদন্তৰ বাবে উচ্চস্তৰীয় কমিটি গঠনৰ কঠোৰ নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বৃহস্পতিবাৰে গধূলিভাগলৈ উদ্ধাৰ অভিযানে চূড়ান্ত ৰূপ পাব বূুলি মত প্ৰকাশ কৰে মুখ্যমন্ত্ৰীয়ে।
সকলোকে ক্ষতিপূৰণ দিয়াৰ আশ্বাস দিয়াৰ লগতে চিকিৎসাধীন হৈ থকা সকলৰ স্বাস্থ্যৰ বুজ লয় মুখ্যমন্ত্ৰীয়ে।