ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইছৰ’)ৰ বাংগালুৰস্থিত মুখ্য কাৰ্যালয় ‘অন্তৰীক্ষ ভৱন’ আজি দৰ্শন কৰাৰ লগতে ইছৰ’ৰ অধ্যক্ষ তথা ভাৰত চৰকাৰৰ মহাকাশ বিভাগৰ সচিব শ্ৰীধৰ পানিকৰ সোমনাথৰ সৈতে গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয় ৰাজ্যৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত । আলোচনাকালত ইছৰ’ই গুৱাহাটীৰ সমীপৱৰ্তী চন্দ্ৰপুৰত স্থাপন কৰিবলৈ লোৱা ‘নেটৱৰ্ক অব্ স্পেচ অবজেক্ট ট্ৰেকিং এণ্ড এনালাইছিছ’ (নেত্ৰ) প্ৰকল্প সন্দৰ্ভত বিশেষ ভাৱে চৰ্চা কৰা হয়। মহাকাশৰ বস্তুৰ ওপৰত সঠিক ভাৱে নজৰ ৰখাকে ধৰি অন্তৰীক্ষৰ পৰিস্থিতিৰ নিৰন্তৰ নীৰিক্ষণ আৰু বিশ্লেষণৰ উদ্দেশ্যে ইছৰ’ই স্থাপন কৰিবলৈ লোৱা এই ‘নেত্ৰ’ প্ৰকল্পৰ বাবে অসম চৰকাৰে চন্দ্ৰপুৰত ২০০ বিঘা মাটি ইছৰ’ক আৱণ্টন দিছে। মহাকাশৰ পৰা দেখা দিব পৰা ভাবুকি নিৰসনৰ লগতে ৰাষ্ট্ৰীয় মহাকাশ সম্পদৰাজিৰ সুৰক্ষাৰ দিশত অতি মহত্বপূৰ্ণ ভূমিকা ল’ব পৰা ইছৰ’ৰ এই নেত্ৰ প্ৰকল্পত সংস্থাপন কৰিব লগা অত্যাধুনিক’ফেজ্ড আৰে’ ৰাডাৰ’-এ ভূপৃষ্ঠৰ পৰা মহাকাশৰ ২০০০ কিলোমিটাৰ পৰ্যন্ত দূৰত্বত উদ্ভৱ হোৱা ন্যূনতম ১০ ছেণ্টিমিটাৰ আকাৰৰ মহাকাশীয় বস্তুও ধৰা পেলাব পাৰিব।
ইছৰ’ৰ অধ্যক্ষৰে হোৱা আজিৰ আলোচনাকালত অসমত ইছৰ’ৰ এটা কেন্দ্ৰ স্থাপনৰ বাবেও অসম চৰকাৰৰ হৈ অনুৰোধ জনায় মন্ত্ৰী গৰাকীয়ে । এই সন্দৰ্ভত বিজ্ঞান-প্ৰযুক্তিবিদ্যা আৰু জলবায়ু বিভাগৰ ফালৰ পৰা ইতিমধ্যে ইছৰ’লৈ আগবঢ়োৱা আনুষ্ঠানিক প্ৰস্তাৱৰ বিষয়ে উল্লেখ কৰাৰ লগতে ইছৰ’ৰ কেন্দ্ৰ স্থাপনৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে প্ৰয়োজনীয় সকলো সহযোগিতা আগবঢ়াবলৈ সাজু থকা বুলিও ইছৰ’ৰ অধ্যক্ষগৰাকীক অৱগত কৰে মহন্তই
ইছৰ’ৰ মুখ্য কাৰ্যালয় ‘অন্তৰীক্ষ ভৱন’ দৰ্শন আৰু ভাৰতীয় মহাকাশ গৱেষণা সংস্থাটিৰ অধ্যক্ষ শ্ৰীধৰ সোমনাথৰে হোৱা আলোচনাকালত অসম বিজ্ঞান, প্ৰযুক্তি আৰু পৰিৱেশ পৰিষদ (এছটেক)ৰ সঞ্চালক ড০ জয়দীপ বৰুৱা, অসম ৰাজ্যিক মহাকাশ প্ৰয়োগ কেন্দ্ৰ (এছাক)ৰ সঞ্চালক তথা বিজ্ঞান-প্ৰযুক্তিবিদ্যা বিভাগৰ বিশেষ সচিব পি এল এন ৰাজু আৰু এনএইচএমৰ কাৰ্যবাহী সঞ্চালক ডাঃ মনোজ চৌধুৰীও উপস্থিত থাকে।