VOICE 24x7
Tuesday, May 6, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

‘International Overdose Awareness Day’ ৰ অনুষ্ঠানত মন্ত্ৰী পীযুষ হাজৰীকা

আমাৰ নৱ প্ৰজন্মই সমাজ, পৰিয়াল আৰু নিজৰ ওচৰত দায়বদ্ধ হৈ থাকিলে ড্ৰাগচৰ ভয়াবহতাৰ পৰা আঁতৰি থাকিব পাৰিব: মন্ত্ৰী হাজৰীকা

voicedesk by voicedesk
August 31, 2023
in মুখ্য সংবাদ
‘International Overdose Awareness Day’ ৰ অনুষ্ঠানত মন্ত্ৰী পীযুষ হাজৰীকা
0
SHARES
38
VIEWS
Share on FacebookShare on Twitter

দিশপুৰ, ৩১ আগষ্ট: অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই আজি গুৱাহাটীৰ NERIM প্ৰতিষ্ঠানত ৰাজ্যিক মাদক দ্ৰব্য বিৰোধী আৰু নিবাৰণী পৰিষদৰ উদ্যোগত আয়োজিত International Overdose Awareness Day ৰ অনুষ্ঠানত মুখ্য অতিথি হিচাবে অংশগ্ৰহণ কৰে । অনুষ্ঠানত বক্তব্য প্ৰদান কৰি মন্ত্ৰীগৰাকীয়ে ভাৰতবৰ্ষৰ লগতে বিশ্বৰ বিভিন্ন দেশত অত্যাধিক ড্ৰাগচ লোৱাৰ ফলত কেনেদৰে বহুসংখ্যক লোকে মৃত্যুমূখত পৰিব লগা হয় সেই বিষয়ে আলোকপাত কৰে । মন্ত্ৰীগৰাকীয়ে বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰতিবেদনৰ উদ্ধৃতি দি কয় যে ২০১৯ চনত বিশ্বৰ প্ৰায় ৬ লাখ মানুহে ‘ড্ৰাগচ অভাৰডোজ’ৰ বাবে মৃত্যু হবলগাত পৰিছিল । মাথো আমেৰিকা যুক্তৰাষ্ট্ৰতে প্ৰতি বছৰে এক লাখৰো অধিক মানুহ ড্ৰাগচৰ অভাৰডোজত মৃত্যু হয় বূলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে । ভাৰতৰ ক্ষেত্ৰত যদিও প্ৰতিবেদন অনুসৰি ২০১৭-১৯ ৰ সময়খিনিত ২৩০০ মানুহে ড্ৰাগচৰ কবলত পৰি মৃত্যু হৈছে বুলি কোৱা হয় কিন্তু প্ৰকৃততে এই সংখ্যা বহু বেছি বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে । ভাৰতত বহু পৰিয়ালে সদস্য এগৰাকীয়ে ড্ৰাগচ লয় বুলি প্ৰকাশ কৰিব নোখোজে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে ড্ৰাগচৰ ‘অভাৰডোজ’ৰ বাবে সমাজৰ এজন ব্যক্তিৰো মৃত্যু হোৱাটো অত্যন্ত দুৰ্ভাগ্যজনক ।

ড্ৰাগচৰ অপব্যৱহাৰে সমাজত হতাশাগ্ৰস্ত এচাম ব্যক্তিৰ জন্ম দিয়ে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে যোৱা ২০২১ বৰ্ষত ভাৰতত প্ৰায় ১০০০০ ব্যক্তিয়ে ড্ৰাগচ আৰু মাদক দ্ৰব্যৰ আসক্তিত পৰি আত্মহত্যা কৰিছিল বুলি সন্দেহ কৰা হৈছে । মন্ত্ৰীগৰাকীয়ে আৰু কয় যে আমি মানুহক ড্ৰাগচৰ আসক্তিৰ পৰা আঁতৰি থাকিবৰ বাবে সজাগ আৰু শিক্ষিত কৰি তুলিব লাগিব । মন্ত্ৰীগৰাকীয়ে কয় যে আমি সকলোৱে সামাজিক দায়বদ্ধতাৰে কাম কৰিলে আৰু পৰিয়াল তথা লগৰ বোৰৰ বিষয়ে চিন্তা কৰি কাম কৰিলে সমাজত ড্ৰাগচৰ আসক্তিৰ সংখ্যা কমি যাব ।

আজিৰ অনুষ্ঠানত উপস্থিত থকা NERIM ৰ ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি মন্ত্ৰীগৰাকীয়ে কয় যে তেওঁলোকক পিতৃ মাতৃয়ে অশেষ কষ্ট কৰি চহৰ অঞ্চলত অধ্যয়নৰ বাবে পঠিয়ায় যদিও এচামে বেয়া কামত লিপ্ত হৈ সমাজত অশান্তিৰ সৃষ্টি কৰে । এই ক্ষেত্ৰত শৈক্ষিক প্ৰতিষ্ঠানসমূহে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি ছাত্ৰ-ছাত্ৰীসকলক প্ৰয়োজনসাপেক্ষে বিশেষ পৰামৰ্শ প্ৰদানৰ ব্যৱস্থা কৰিব লাগে বুলি তেওঁ উল্লেখ কৰে । আনহাতে অভিভাৱকসকলেও নিজৰ ল’ৰা-ছোৱালীয়ে ক’ত কেনেদৰে টকা খৰচ কৰে সেই বিষয়ে সজাগ দৃষ্টি ৰাখিব লাগে বুলিও মন্ত্ৰীগৰাকীয়ে মন্তব্য প্ৰদান কৰে ।

Previous Post

প্ৰধান শিক্ষক নিযুক্তিকে ধৰি পদোন্নতি চাকৰি নিয়মীয়াকৰণ বিদ্যালয়ৰ বিজুলী ৰেহাই আদিক লৈ মাধ্যমিক শিক্ষক সন্থাৰ সৈতে শিক্ষামন্ত্ৰীৰ ইতিবাচক আলোচনা

Next Post

আজিৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অসমলৈ মোহন ভাগৱত

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
আজিৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অসমলৈ মোহন ভাগৱত

আজিৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অসমলৈ মোহন ভাগৱত

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7