তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্রী পীয়ূষ হাজৰিকাই ৱেব পর্টেলৰ সম্পর্কত আগবঢ়াইছে এক গুৰুত্বপূৰ্ণ মন্তব্য। প্ৰাপ্ত তথ্য অনুসৰি ৱেব পর্টেল তথা ফেচবুক পেজৰ ক্ষেত্ৰত শীঘ্রেই বিশেষ ব্যৱস্থা গ্রহণ কৰা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে জনাইছে। উল্লেখ্য যে মঙলবাৰে সদৌ অসম সাংবাদিক সন্থাৰ এটা দলে মন্ত্রীগৰাকীক সাক্ষাৎ কৰা সময়ত তেওঁ এই কথাৰ ইংগিত দিয়ে৷
বিভাগীয় মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা মতে অসমৰ একাংশ সাংবাদিকৰ কিছু কর্ম–কাণ্ডই আন সাংবাদিকসকলক অস্বস্তিত পেলাইছে । আনহাতে সাংবাদিকসকলৰ কল্যাণৰ হকে পদক্ষেপ গ্রহণ কৰা হ’ব বুলিও আশ্বাস প্ৰদান কৰে মন্ত্ৰীগৰাকীয়ে।
প্ৰাপ্ত তথ্য অনুসৰি সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক নকুল তালুকদাৰে সংবাদ মাধ্যমলৈ প্রেৰণ কৰা এটা বিবৃতি অনুসৰি সাংবাদিকসকলৰ বিভিন্ন বিষয়ৰ ওপৰত মন্ত্রী পীয়ূষ হাজৰিকাৰ লগত আলোচনা কৰা হয়। ইয়াৰ উপৰিও সাংবাদিকৰ আর্থিক নিৰাপত্তা সুনিশ্চিত কৰিবলৈ মন্ত্রীসভাত বিশেষভাৱে আলোচনা কৰিবলৈও মন্ত্রী হাজৰিকাক আহ্বান জনায় সাংবাদিক সংগঠনটোৱে৷
উল্লেখযোগ্য যে সাংবাদিক নিগ্রহৰ ঘটনা ৰোধ কৰা সম্পর্কতো মন্ত্রীগৰাকীৰ লগত সন্থাই আলোচনা কৰে । ইয়াৰ উপৰিও বিভাগীয় মন্ত্রীগৰাকীক সন্থাৰ ফালৰ পৰা এখন স্মাৰক–পত্রও প্রদান কৰা হয় ।