VOICE 24x7
Wednesday, May 7, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

কোকৰাঝাৰত বিটিচিৰ সকলো বিভাগৰ সৈতে অভিভাৱক মন্ত্ৰী অশোক সিংহলৰ পৰ্যালোচনা বৈঠক

বিটিআৰ অঞ্চলৰ সকলো যোগ্য হিতাধিকাৰীকে ৰেচন কাৰ্ড প্ৰদানৰ বাবে ব্যাপক অভিযান হাতত লোৱাৰ নিৰ্দেশ মন্ত্ৰী সিংহলৰ

voicedesk by voicedesk
October 4, 2023
in মুখ্য সংবাদ
কোকৰাঝাৰত বিটিচিৰ সকলো বিভাগৰ সৈতে অভিভাৱক মন্ত্ৰী অশোক সিংহলৰ পৰ্যালোচনা বৈঠক
0
SHARES
125
VIEWS
Share on FacebookShare on Twitter

কোকৰাঝাৰ, ৪ অক্টোবৰঃ অসম চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী তথা কোকৰাঝাৰ জিলাৰ অভিভাৱক মন্ত্ৰী অশোক সিংহলে আজি তেওঁৰ দুদিনীয়া কোকৰাঝাৰ ভ্ৰমণৰ প্ৰথম দিনটোত কোকৰাঝাৰৰ বি.টি.চি. সচিবালয়ত পৰিষদৰ সকলো বিভাগৰ শীৰ্ষ বিষয়াসকলৰ সৈতে এক পৰ্যালোচনা বৈঠকত মিলিত হয়। বৈঠকত মন্ত্ৰীগৰাকীয়ে বি টি চি এলেকাত অসম চৰকাৰে গ্ৰহণ কৰা বিভিন্ন উন্নয়নমূলক আৰু কল্যাণমূলক পদক্ষেপৰ ৰূপায়ণৰ সামগ্ৰিক অৱস্থা আৰু অগ্ৰগতিৰ বিষয়ে সংশ্লিষ্ট বিভাগৰ বিভাগীয় মুৰব্বীসকলৰ পৰা বিতং খতিয়ান লয়।

বিটিচিপ্ৰধান প্ৰমোদ বড়ো তথা উপ-মুখ্য কাৰ্যবাহী গোবিন্দ বসুমতাৰীৰ উপস্থিতিত অনুষ্ঠিত এই বৈঠকত মন্ত্ৰী সিংহলে তেওঁৰ পূৰ্বৰ পৰ্যালোচনা বৈঠকৰ সিদ্ধান্তসমূহৰ কাৰ্যৰূপায়ণৰ অগ্ৰগতিৰ বুজ লোৱাৰ লগতে অঞ্চলটোত নগৰ পৰিক্ৰমা বিভাগ, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, জনস্বাস্থ্য কাৰিকৰী, শিক্ষা, কৃষি, খাদ্য আৰু অসামৰিক যোগান, ক্ৰীড়া, হস্ততাঁত, বস্ত্ৰ আৰু ৰেচম আদি বিভাগৰ কাম-কাজৰো পৰ্যালোচনা কৰে। বিশেষকৈ পৰিষদৰ অধীনৰ পাঁচখন জিলাত জলজীৱন মিছন, প্ৰধানমন্ত্ৰী আৱাস যোজনা, পিএম স্বনিধি, এম জি এনৰেগা, অমৃত সৰোবৰ, পিএম কিষাণ, খেল মহাৰণ আদি আঁচনিৰ ৰূপায়ণৰ অগ্ৰগতিৰ বুজ লৈ তেওঁ সংশ্লিষ্ট বিভাগসমূহক যাৱতীয় নিৰ্দেশনা প্ৰদান কৰে। তেওঁ চহৰাঞ্চলৰ ষ্ট্ৰীট লাইট, গোটা আৱৰ্জনা ব্যৱস্থাপনা, বিটিচি এলেকাৰ উন্নয়ন খণ্ডসমূহৰ পুনৰ্গঠন, কৃষকৰ পৰা ধান ক্ৰয় আদি বিষয়ত বিশেষ গুৰুত্ব আৰোপ কৰে।

কোকৰাঝাৰ জিলাৰ অভিভাৱক মন্ত্ৰী হিচাপে বিটিআৰবাসীৰ প্ৰগতি আৰু কল্যাণ তেওঁৰ প্ৰথম চৰ্ত বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে বিগত সময়ছোৱাত অঞ্চলটোত পৰিলক্ষিত হোৱা উন্নয়নমূলক কাম-কাজৰ অগ্ৰগতিত সন্তোষ প্ৰকাশ কৰে। পৰিষদীয় চৰকাৰে গ্ৰহণ কৰা “মিছন ছুপাৰ-৫০”, বড়োলেণ্ড স্কুল এড’পছন প্ৰগ্ৰেম, গ্ৰীণ বড়োলেণ্ড মিছন, বড়োলেণ্ড ছেৰিকালচাৰ মিছন, বড়োলেণ্ড হেণ্ডলুম মিছন, বড়োলেণ্ড পিগ মিছন আদি গুৰুত্বপূৰ্ণ পদক্ষেপৰ তেওঁ বিশেষভাৱে শলাগ লয়। আজিৰ বৈঠকত মন্ত্ৰী সিংহলে বিটিআৰ এলেকাৰ ১০০ শতাংশ বিদ্যালয়তে ল’ৰা আৰু ছোৱালীৰ প্ৰস্ৰাৱাগাৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিবলৈ শিক্ষা বিভাগক নিৰ্দেশ দিয়ে। আনহাতে মন্ত্ৰীগৰাকীৰ নিজা সমষ্টি ঢেকীয়াজুলিত সফলতাৰে ৰূপায়ণ কৰা “মিছন ১০০ শতাংশ ৰেচন কাৰ্ড” কাৰ্যসূচীৰ আৰ্হিত বিটিআৰ অঞ্চলতো সকলো যোগ্য হিতাধিকাৰীকে ৰেচন কাৰ্ড প্ৰদানৰ বাবে এক ব্যাপক অভিযান হাতত ল’বলৈ খাদ্য আৰু অসামৰিক যোগান তথা গ্ৰাহক পৰিক্ৰমা বিভাগক তেওঁ নিৰ্দেশ দিয়ে।‌ এই পৰ্যালোচনা বৈঠকত বিধায়ক লৰেঞ্চ ইছলাৰী আৰু বি.টি.চি.ৰ কাৰ্যবাহী সদস্যসকলো উপস্থিত থাকে।

ইয়াৰোপৰি মন্ত্ৰী সিংহলে আজি বিয়লি কোকৰাঝাৰৰ বড়োলেণ্ড অতিথিশালাত বড়োভূমিৰ বিভিন্ন দল-সংগঠনসমূহৰ সৈতেও সুকীয়া সুকীয়াকৈ এলানি বৈঠকত মিলিত হৈ বিভিন্ন গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰে। সংগঠনসমূহ হৈছে এবছু, আক্ৰাছু, আছা, আগছু, বিটিআৰ গোৰ্খা সমাজ, সদৌ অসম বাঙালী ফেডাৰেছন, সদৌ বিটিআৰ বাঙালী ফেডাৰেছন, ৰাভা ছাত্ৰ সন্থা, সদৌ বিটিআৰ অনুসূচিত জাতি ছাত্ৰ সন্থা, প্ৰাক্তন বিটিএফ কল্যাণ সমিতি, সদৌ অসম চাওতাল ছাত্ৰ সন্থা, অখিল হিন্দী বিকাশ পৰিষদ আদি।

Previous Post

“শিশুৰ দিন” উদযাপনেৰে মুখৰিত অসম গ্ৰন্থমেলা, হাফলং

Next Post

টীয়কত তীব্ৰবেগী ট্ৰাকৰ খুন্দাত নিহত নৱম শ্ৰেণীৰ ছাত্ৰী

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
শদিয়াৰ অমৰপুৰত ভয়ংকৰ নাঁও দুৰ্ঘটনা, পানীত বাগৰি পৰিল মেজিক-টাটাচুম’

টীয়কত তীব্ৰবেগী ট্ৰাকৰ খুন্দাত নিহত নৱম শ্ৰেণীৰ ছাত্ৰী

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7