আজিৰে পৰা কাৰ্য্যকৰী হোৱাকৈ ৰাজ্য চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগে মিছন বসুন্ধৰা মুকলি কৰে। এই নতুন অভিযানৰ লক্ষ্য হৈছে মোৰ মাটি মোৰ অধিকাৰ।
ভূমি নথি উন্নীতকৰণ প্ৰক্ৰিয়াত যাতে ক্ষিপ্ৰ গতি লাভ কৰে সেই লক্ষ্য আগত ৰাখি বসুন্ধৰা পৰ্টেল basundhara.assam.gov.in কাৰ্য্যকৰী কৰিছে। ভূমি সংক্ৰান্তীয় অভিযোগসমূহ আজি ২ অক্টোবৰৰ পৰা ৩০ নৱেম্বৰৰ ভিতৰত বসুন্ধৰা পৰ্টেলৰ জৰিয়তে আৱেদন দাখিল কৰিব পাৰিব। এই অভিযোগসমূহ ২০২২ চনৰ ১০ মে’ৰ ভিতৰত নিষ্পতি কৰা হ’ব বুলি ঘোষণা কৰে। অৱশ্যে অনলাইন আবেদন অসুবিধাৰ সন্মুখীন হ’লে স্থানীয় চক্ৰ বিষয়াৰ কাৰ্যালয়লৈ গৈ পোনপটীয়াকৈ আবেদন দাখিল কৰিব পাৰিব।
বসুন্ধৰা মিছনে ভূমিহীন লোকক ভূমি অধিকাৰ প্ৰদানৰ বাবে জৰীপ, গাওঁসমূহৰ জৰীপ, জৰীপকৃত গাঁৱৰ পুন:জৰীপৰ দ্বাৰা ভূমি সম্পৰ্কীয় বিবাদৰ সমস্যা সমাধান কৰিবলৈ চেষ্টা কৰিব।
বসুন্ধৰা মিছনে কেতবোৰ দিশ সামৰি ল’ব-
- উত্তৰাধিকাৰসূত্ৰে নামজাৰি
- দলিলসূত্ৰে নামজাৰি
- বিবাদমুক্ত বিতৰণ
- মাটিৰ শ্ৰেণী পৰিৱৰ্তন
- একচনীয়া মাটিৰ ম্যাদী পট্টাকৰণ
- ৰাজহ নথিৰ পৰা দখল/ স্বত্ববিহীন পট্টাদাৰৰ নাম কৰ্তন
- আবণ্টিত মাটিৰ ম্যাদী পট্টাকৰণ
- ভূমি নথিৰ সংশোধন
- ভূমি নথিত পট্টাদাৰৰ মোবাইল নম্বৰ অন্তৰ্ভুক্ত
বসুন্ধৰা মিছনে সৰ্বসাধাৰণ ৰাইজৰ দীৰ্ঘ দিনীয়া ভূমি সম্পৰ্কীয় সমস্যাসমূহ সমাধান কৰিব বুলি আশা কৰা হৈছে।