সপৰিয়ালে বিশাল আয়োজনেৰে বহু লোকে উদযাপন কৰে নিজৰ জন্মদিন ৷ যাৰ বাবদ ব্যয় কৰা হয় লক্ষাধিক টকা ৷ কিন্তু নিজৰ মৰমৰ পোহনীয়া জীৱ-জন্তুৰ ওপজা দিন উদযাপনৰ বাবে লাখ লাখ টকা ব্যয় কৰাৰ কথা আপুনি শুনিছেনে ? চীনৰ এগৰাকী মহিলাই নিজৰ পোহনীয়া কুকুৰৰ জন্মদিন উদযাপনৰ বাবে ব্যয় কৰা ধনৰ পৰিমান শুনিলে অপোনাৰ চকু কপালত উঠিব ৷ মহিলা গৰাকীয়ে পোহনীয়া কুকুৰটোৰ জন্মদিনৰ উদযাপনত ভাৰতীয় মুদ্ৰাৰ হিচাপত ব্যয় কৰিছে ১১ লাখ টকা ৷ চীনৰ হুনান প্ৰদেশৰ বাসিন্দা মহিলাগৰাকীৰ এই ভাগ্যৱান কুকুৰটোৰ নাম হৈছে ডৌ ডৌ ৷ ডৌ ডৌ নামৰ এই কুকুৰটোৰ জন্মদিনৰ দিনা মহিলাগৰাকীয়ে এক ড্ৰোণ শ্ব’ৰো আয়োজন কৰে ৷
কুকুৰটোৰ জন্মদিন উপলক্ষে মহিলাগৰাকীয়ে নিজৰ বাবে ছাণ্টা ক্লজৰ পোছাক পৰিধান কৰে । পোহনীয়া কুকুৰটোৰ প্ৰতি থকা তেওঁৰ অগাধ মৰমৰ বাবে এনেদৰে বিলাস-বহুল আয়োজন কৰিছিল ৷ জন্মদিনৰ কার্যসূচীত ড্ৰ’ণ ভাড়ালৈ দিয়া ডেঙ নামৰ ব্যক্তিজনে কয় যে কুকুৰটোৰ গৰাকীয়ে এই জন্মদিন বিশেষ কৰি তুলিব বিচাৰিছিল। যাৰ বাবে আয়োজনৰ ক্ষেত্ৰত কোনো কৃপনালি কৰা নাছিল মহিলাগৰাকীয়ে ৷ কুকুৰটোৰ জন্মদিনৰ দিনা ড্ৰ’ন শ্ব’টো ৩০ মিনিট ধৰি চলিছিল। তদুপৰি তেওঁ অতিথিসকলক ৰাজকীয় খাদ্যৰে আপ্যায়িতও কৰে ৷