VOICE 24x7
Saturday, May 10, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

নগাঁৱৰ ৰাইডঙীয়াত মিত্ৰদেৱ মহন্ত আৰু নৱজ্যোতি বৰা স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন, “গতি” আৰু “আলোক” উন্মোচন

voicedesk by voicedesk
October 16, 2023
in মুখ্য সংবাদ
নগাঁৱৰ ৰাইডঙীয়াত মিত্ৰদেৱ মহন্ত আৰু নৱজ্যোতি বৰা স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন, “গতি” আৰু “আলোক” উন্মোচন
0
SHARES
76
VIEWS
Share on FacebookShare on Twitter

ঋতু পৰ্ণ শৰ্মা,নগাঁও,১৫অক্টোবৰ:–নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ ৰাইডঙীয়া অঞ্চলৰ দুগৰাকী বিশিষ্ট সমাজকৰ্মী,শিল্পপ্ৰাণ প্ৰয়াত মিত্ৰদেৱ মহন্ত আৰু নৱজ্যোতি বৰা স্মৃতিচাৰণ অনুষ্ঠানটি ৰবিবাৰে অনুষ্ঠিত হৈ যায় । এই উপলক্ষে ৰাইডঙীয়া ৰাজহুৱা মঞ্চত অনুষ্ঠিত অনুষ্ঠানটিৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে ৰাইডঙীয়া জ্যেষ্ঠ নাগৰিক মঞ্চৰ সভাপতি নৱ কমল ৰাজা আৰু নামাচাৰ্য গোলাপ কলিতাই ।

শিক্ষক বোধেন চন্দ্ৰ বৰা আৰু নৱ বৰাই আঁত ধৰা অনুষ্ঠানটিত মানৱ অধিকাৰ কৰ্মী লাচিত বৰদলৈয়ে কয় যে নৱজ্যোতি বৰা আৰু মিত্ৰদেৱ মহন্তৰ অকাল বিয়োগ ৰাইডঙীয়া অঞ্চলটোৰ বাবে বৃহৎ সামাজিক ক্ষতি । দুয়োজন সদায় ৰাইডঙীয়াৰ সমাজ জীৱনৰ লগত নিজৰ শিপাডাল সংপৃক্ত কৰি ৰখাসকলৰ অন্যতম আছিল। সমাজকৰ্মী ৰোহিনী বৰা,প্ৰাক্তন আলফা ঐক্যমঞ্চৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক ৰাজীৱ হাজৰিকা,সৌৰভ শাখা সাহিত্য সভাৰ সম্পাদক কবিন পাটৰ,জ্যেষ্ঠ সাংবাদিক দিব্য জ্যোতি বৰুবা,নগাঁও জিলা সাহিত্য সভাৰ প্ৰচাৰ কোষৰ আহ্বায়ক কল্যাণ কুমাৰ বৰা,জ্যেষ্ঠ নাগৰিক ধীৰচিং পাটৰকে আদি কৰি কেইবাগৰাকী ব্যক্তিয়ে ভাষণ প্ৰদান কৰি সমগ্র অঞ্চলটোৰ জনপ্ৰিয় সমাজ সংগঠক প্ৰয়াত মিত্ৰদেৱ মহন্ত আৰু নৱজ্যোতি বৰাৰ জীৱনৰ ওপৰত আলোকপাত কৰে।

ৰাইডঙীয়া আঞ্চলিক ক্ৰীড়া সংস্থা, সোণাই নদী উত্তৰ আঞ্চলিক কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱ উদযাপন সমিতি,শ্বহীদ স্মৃতি ভৱন পৰিচালনা সমিতি,জাগৰণ সাংস্কৃতিক গোষ্ঠী,সৌৰভ শাখা সাহিত্য সভা,শিল্পী মঞ্চ,শিশুৰ বাবে উৎসৰ্গিত অনুষ্ঠান বিকাশ, শ্ৰীশ্ৰী শঙ্কৰ মন্দিৰ পৰিচালনা সমিতি,জ্যেষ্ঠ নাগৰিক মঞ্চ, ৰাজহুৱা মঞ্চ,সংগীত কানন, ৰাইডঙীয়া আঞ্চলিক ছাত্ৰ সন্থা, ৰাইডঙীয়া হিন্দী বিদ্যালয়, ৰাইডঙীয়া হলিৰাম শইকীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তী উদযাপন সমিতিকে আদি কৰি ১৪ টা অনুষ্ঠান,দল-সংগঠনৰ উদ্যোগত আয়োজিত অনুষ্ঠানটিত প্ৰয়াত নৱজ্যোতি বৰাৰ পিতৃ ধনীৰাম বৰা,মাতৃ সাবিত্ৰী বৰা,সহধৰ্মিনী অল্পনা বৰা,প্ৰয়াত মিত্ৰদেৱ মহন্তৰ মাতৃ বীণা মহন্ত,সহধৰ্মিনী মৃনালিনী বৰা মহন্ত,অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰবীন কলিতা,ৰাইডঙীয়া হলিৰাম শইকীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ মুক্তি দাস, প্ৰাক্তন ছাত্ৰনেতা ৰিন্টু গোস্বামী, ধ্ৰুৱ দাস,সূৰ্য হাজৰিকা,লুনু ৰাজা, পুস্প বৰা,যতীন বৰাকে আদি কৰি শতাধিক লোক উপস্থিত থাকে। অনুষ্ঠানৰ শেষত বোধেন চন্দ্ৰ বৰা,ৰমেশ চন্দ্ৰ বৰা,নাৰয়ণ চন্দ্ৰ দাসৰ সম্পাদনাত মিত্ৰদেৱ মহন্তৰ স্মৃতিত “গতি” আৰু নৱজ্যোতি বৰাৰ স্মৃতিত “আলোক” শীৰ্ষক দুখনকৈ স্মৃতিগ্ৰন্থ উন্মোচন কৰে সৌৰভ শাখা সাহিত্য সভাৰ সভাপতি দিলীপ কুমাৰ বৰা আৰু অৱসৰপ্ৰাপ্ত শিক্ষক সুৰেশ বৰাই ।

Previous Post

🙏 দৈনিক ৰাশিফল 🙏

Next Post

পত্নীৰ পৰকীয়া প্ৰেমেই কাল হ’ল অঞ্জনৰ, ফাঁচী বজাৰৰ শুকান ফলৰ ব্যৱসায়ী সৌৰভ গোৱেংকাই কইনাধৰাত গুলীয়াই হত্যা কৰিছিল অঞ্জনক

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
পত্নীৰ পৰকীয়া প্ৰেমেই কাল হ’ল অঞ্জনৰ, ফাঁচী বজাৰৰ শুকান ফলৰ ব্যৱসায়ী সৌৰভ গোৱেংকাই  কইনাধৰাত গুলীয়াই হত্যা কৰিছিল অঞ্জনক

পত্নীৰ পৰকীয়া প্ৰেমেই কাল হ’ল অঞ্জনৰ, ফাঁচী বজাৰৰ শুকান ফলৰ ব্যৱসায়ী সৌৰভ গোৱেংকাই কইনাধৰাত গুলীয়াই হত্যা কৰিছিল অঞ্জনক

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7