নিজৰ কর্মদক্ষতা, দায়বদ্ধতা আৰু পাৰদর্শিতাৰ বাবে আন্তঃৰাষ্ট্ৰীয় পর্যায়ত উত্তৰ পূর্বাঞ্চললৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে মিজোৰাম আৰক্ষীয়ে ৷ ব্ৰিটেইনৰ ৱৰ্ল্ড বুক অৱ ৰেকৰ্ডছৰ সন্মানীয় স্বর্ণ সংস্কৰণ ২০২২ প্ৰমাণপত্ৰৰে সন্মানিত কৰা হৈছে ৷ বিষয়াসকলৰ কামৰ প্ৰতি প্ৰদর্শন কৰা দায়বদ্ধতা আৰু নিষ্ঠাৰ বাবে এই সন্মানেৰে সন্মানিত কৰা হৈছে ৷
মে’ মাহত বৃহৎ পৰিমানৰ বিৰল প্ৰজাতিৰ জীৱৱ জন্তু উদ্ধাৰ কৰাৰ লগতে জুন মাহত সর্বাধিক পৰিমানৰ নিচাযুক্ত দ্ৰৱ্য ধ্বংস কৰা বাবে মিজো আৰক্ষীলৈ এই স্বীকৃতি আগবঢ়োৱা হৈছে ৷ মে’ত ৪৬৮ প্ৰজাতিৰ বিৰল বণ্যপ্ৰাণী উদ্ধাৰ কৰাৰ উপৰি জুন মাহত ৯৩০.২২৯ কিলোগ্ৰাম নিচাযুক্ত দ্ৰৱ্য ধ্বংস কৰিছিল আৰক্ষীয়ে ৷
Finally, we have it in our hands. The dedication and devotion of our officers and staff was widely acclaimed and got duly recognised. Today, Mizoram Police was officially awarded Gold Edition 2022 Certificates by World Book of Records for carrying out biggest mega disposal of pic.twitter.com/hw6DvQiIZL
— mizorampolice (@mizorampolice) August 22, 2022
ৱৰ্ল্ড বুক অৱ ৰেকৰ্ডছ হৈছে বিশ্বজুৰি অসাধাৰণ ৰেকৰ্ডসমূহৰ তালিকাভুক্তকৰণ আৰু পৰীক্ষা কৰা এটা সংস্থা। ইয়াৰ প্ৰধান উদ্দেশ্য হৈছে বিশ্বমানৰ বিভিন্ন ঘটনা -পৰিঘটনাসমূহ প্ৰমাণীকৰণ কৰা ৷
অনুষ্ঠান উপস্থিত থাকি মিজোৰাম আৰক্ষী বাহিনীৰ হৈ উপ-মহাপৰিদৰ্শক পু লালহুলিয়ানা ফানাইয়ে প্ৰমাণ পত্ৰ গ্ৰহণ কৰে। মিজোৰাম আৰক্ষীয়ে এই সন্দর্ভত কয় “আমি এই বঁটা আমাৰ পৰিয়ালৰ সদস্যসকলক উৎসৰ্গা কৰিছো, যিসকলৰ বাবে আমি সফলতা লাভ কৰিছিলো ৷ জনসাধাৰণৰ সমৰ্থন আৰু বিশ্বাসেও আমাক শক্তিশালী আৰু অনুপ্ৰাণিত কৰে। আমি ভৱিষ্যতেও এনে লাভ কৰিবলৈ চেষ্টা কৰিম ৷”