অসমৰ লখিমপুৰ জিলাৰ ঢকুৱাখনাত উত্তেজিত স্থানীয় ৰাইজৰ প্ৰহাৰত আঘাতপ্ৰাপ্ত হৈ মৃত্যুবৰণ কৰে ৰাজু বৰুৱা ওৰফে গেৰেজাই নামৰ এজন দুৰ্ধৰ্ষ অপৰাধীয়ে ।জানিব পৰা মতে মঙলবাৰে ঢকুৱাখনা ন্যায়িক দণ্ডাধীশৰ আদালতৰ পৰা পলায়ন কৰিছিল ৰাজু বৰুৱা ওৰফে গেৰেজায়ে ।
আজি পুৱা কিলকিলি নদীৰ ওচৰত উত্তেজিত স্থানীয় লোকে অপৰাধীজনক ধৰি প্ৰহাৰ কৰে। পৰৱৰ্তী সময়ত গেৰেজাইক অতি সংকটজনক অৱস্থাত আৰক্ষীৰ হাতত গতাই দিয়া হয় যদিও চিকিৎসালয়ৰ চিকিৎসকসকলে তেওঁক ইতিমধ্যে মৃত বুলি ঘোষণা কৰে।
ইফালে, জুণ্টি দাস নামৰ আন এজন অপৰাধী বৰ্তমান পলাতক হৈ আছে।
উল্লেখযোগ্য যে ধৰ্ষণকে ধৰি বিভিন্ন অপৰাধ সংঘটিত কৰাৰ অভিযোগেৰে অভিযুক্ত আছিল ৰাজু বৰুৱা ওৰফে গেৰেজাই ।