আকাশৰ মাজতে হঠাৎ এজন বিমান যাত্ৰীৰ মোবাইল ফোন বিস্ফোৰণৰ বাবেই এখন বিমান বিমানখনে জৰুৰী অৱতৰণ কৰে। আকাশৰ মাজত কোনো ধৰণৰ ৰিস্ক ল’ব বিচৰা নাছিল পাইলটজনে।
এয়াৰ ইণ্ডিয়াৰ বিমানখনে সোমবাৰে দিনৰ ১ বজাত ৰাজস্থানৰ উদয়পুৰৰ পৰা মুঠ ১৪০ জন যাত্ৰীসহ দিল্লী অভিমুখে উৰা মাৰিছিল কিন্তু বিমানখনৰ উৰণৰ কিছু মুহূৰ্তৰ পিছতে এজন যাত্ৰীৰ মোবাইল ফোনৰ বেটাৰী বিস্ফোৰণ ঘটে। বিস্ফোৰণৰ শব্দত আতংকিত হৈ পৰে বাকী যাত্ৰীসকল। ইয়াৰ পিছতে বিমানখনৰ ভিতৰত ধোঁৱা ওলাবলৈ আৰম্ভ কৰে ৷
ধোঁৱা দেখি পাইলটে জৰুৰীকালীন অৱতৰণ কৰাৰ সিদ্ধান্ত লয় ৷ উদয়পুৰ বিমানবন্দৰত অৱতৰণ কৰে বিমানখন। বিমান পৰিচাৰিকাসকলে যাত্ৰীক বিমানৰ পৰা নমাই পৰীক্ষণ আৰম্ভ কৰে। বিমানখনত ইফালৰ পৰা সিফাললৈ তালাচী চলোৱা হয়। ক’তো অস্বাভাৱিক একো নোপোৱাত এঘণ্টাৰ পাছত বিমানখন যাত্ৰীসহ দিল্লী অভিমুখে ৰাওনা হ’ল। গন্তব্য স্থান পোৱালৈকে আৰু কোনো সমস্যা সৃষ্টি হোৱা নাছিল।
কিন্তু বিমানত মোবাইল ফোন বিস্ফোৰণৰ ঘটনা নতুন নহয়। ইয়াৰ পূৰ্বে ২০২২ চনত অসমৰ ডিব্ৰুগড়ৰ পৰা দিল্লীলৈ যোৱা এখন বিমানত অনুৰূপ ঘটনা সংঘটিত হৈছিল। আকাশৰ মাজতে এজন যাত্ৰীৰ মোবাইল বিস্ফোৰণ ঘটে। বেটাৰী অস্বাভাৱিকভাৱে গৰম হৈ পৰে আৰু মোবাইলটো বিস্ফোৰণ ঘটে। অৱশ্যে সেই ঘটনাতো কোনো লোক আহত হোৱা নাছিল। এয়াৰমেনে দ্ৰুতগতিত জুই নিৰ্বাপন কৰে।