ভাৰতৰ তীৰ্থযাত্ৰীসকলৰ বাবে সুখবৰ!কেদাৰনাথত এতিয়াৰ পৰা উপলব্ধ হ’ব ম’বাইল টেলিফোনী সেৱা ৷ গৌৰীকুণ্ড আৰু কেদাৰনাথৰ মাজৰ ট্ৰেক পথত মোবাইল আৰু ডাটা সেৱা প্ৰদান কৰা প্ৰথমটো টেলিকম অপাৰেটৰ হিচাপে পৰিগণিত হৈছে ৰিলায়েন্স জিঅ’।এক বিবৃতি যোগে কোম্পানীটোৱে এই কথা কয়।মন্দিৰলৈ যোৱা তীৰ্থযাত্ৰীসকলে এতিয়াৰ পৰা ভইচ বা ভিডিঅ’ কলৰ জৰিয়তে তেওঁলোকৰ প্ৰিয়জনৰ সৈতে সংযুক্ত হৈ থাকিব পাৰিব বুলি তেওঁলোকে ইতিমধ্যে জানিবলৈ দিছে।
দুবছৰৰ ব্যৱধানৰ পিছত ‘চাৰ ধাম যাত্ৰা’ পুনৰ আৰম্ভ হোৱাৰ লগে লগে এই বছৰ হিমালয়ৰ তীৰ্থস্থানলৈ যাত্ৰা কৰা বৃহৎ সংখ্যক তীৰ্থযাত্ৰীৰ সমাগম ঘটা বুলি জানিব পৰা গৈছে। যোৱা দুটা বছৰে কোভিড-১৯ মহামাৰীৰ বাবে ইয়াক স্থগিত কৰা হৈছিল।
‘তীৰ্থযাত্ৰী সকলৰ সুবিধাৰ্থে গৌৰীকুণ্ড আৰু কেদাৰনাথৰ মাজত পাঁচটা টাৱাৰ স্থাপনৰ পৰিকল্পনা অনুসৰি সোনপ্ৰয়াগত এটা সম্পূৰ্ণ ক্ষমতাৰ টাৱাৰ স্থাপন কৰা হৈছে, যিটো অতি গুৰুত্বপূৰ্ণ হল্ট অৱস্থান’ বুলি ৰিলায়েন্স জিঅ’ই কয়।লগতে তেওঁলোকে কয় যে,ছোটি লিনচোলি, লিনচোলি আৰু ৰুদ্ৰপইণ্টত তিনিটা টাৱাৰ ইতিমধ্যে স্থাপন কৰা হৈছে আৰু বাকী দুটা শীঘ্ৰেই স্থাপন কৰা হ’ব ৷
ইয়াৰ উপৰিও দহটা অতিৰিক্ত সমাধান আগবঢ়োৱা হৈছে আৰু ম’বাইল নেটৱৰ্কক পথটোত তীৰ্থযাত্ৰীসকলক নিৰৱচ্ছিন্ন সংযোগৰ বাবে ফাইবাৰ লিংকো দিয়া হৈছে বুলি প্ৰতিষ্ঠানটোৱে জানিবলৈ দিছে ৷