প্ৰায় দুটা বছৰ ক’ভিড সৃষ্ট পৰিবেশৰ বাবে স্তব্ধ হৈ পৰা ভ্ৰাম্যমান থিয়েটাৰৰ দলসমূহক কেতবোৰ নিৰ্দিষ্ট চৰ্ত মানি নাট প্ৰদৰ্শনৰ বাবে অনুমতি প্ৰদান কৰিছে ৰাজ্য চৰকাৰে। ৰাজ্য খনৰ স্বাস্থ্য মন্ত্রী কেশৱ মহন্তই এখন সংবাদমেলৰ জৰিয়তে এখন এছ.অ’.পিৰ যোগেদি এই কথা সংবাদ মাধ্যমক জানিবলৈ দিয়ে।লকডাউনৰ সময়চোৱাত ভ্ৰাম্যমান থিয়েটাৰ উদ্যোগৰ স’তে জড়িত শিল্পী,কলা-কুশলীসকলৰ আৰ্থিক দুখ দূৰ্গতিৰ কথা চিন্তা কৰি ৰাজ্য খনৰ মূখ্যমন্ত্রী আৰু ড° হিমন্ত বিশ্ব শৰ্মা আৰু স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই থিয়েটাৰ দলৰ প্ৰযোজক তথা বিষয়ববীয়া সকলৰ লগত আলোচনা কৰি উদ্যোগটো জীয়াই ৰখাৰ উদ্দেশ্যেৰে তথা ক’ভিড পৰিস্থিতি নিয়ন্ত্ৰিত কৰি ৰাখি চৰ্তসাপেক্ষ ভাৱে নাট প্ৰদৰ্শনৰ অনুমতি প্রদান কৰে।
এছ.অ’.পি.অনুসৰি
কোনো ক’ভিড সংক্ৰমিত বা কন্টেইনমেন্ট জ’নত কোনো ভ্ৰাম্যমান নাট্য দলে নাট প্ৰদৰ্শন কৰিব নোৱাৰিব।
ৰাজ্যৰ জিলা উপায়ুক্ত আৰু মহকুমাধিপতি সকলে সকলো পৰিস্থিতি পৰীক্ষা নিৰীক্ষা কৰি ভ্ৰাম্যমান নাট্যদলসমূহক অনুমতি প্ৰদান কৰিব লাগিব।
ভ্ৰাম্যমান গোষ্ঠীটোৰ প্ৰতিগৰাকী বিষয়ববীয়াই দুটাকৈ ভেকচিন লোৱাটো বাধ্যতামূলক।
নাট প্ৰদৰ্শনৰ বাবে আয়োজক সমিতিয়ে জিলা মহকুমা প্ৰশাসনৰ অনুমতি লোৱা বাঞ্ছনীয়।
ভ্ৰাম্যমান নাটকৰ মণ্ডপৰ সমূখতে মাক্স পৰিধান নকৰা সকলক মাক্স আৰু চেনিটাইজাৰ প্ৰদান কৰিব লাগিব।
স্বাস্থ্য মন্ত্রী গৰাকীৰ মতে নাটকৰ টিকট সমূহৰ এটা পিঠিত ক’ভিড সজাগতা মূলক নীতি নিয়ম লিপিবদ্ধ থাকিব লাগিব।
নতুন এছাড়া.অ’.পি. অনুযায়ী নাট প্ৰদৰ্শন হ’বলগীয়া ঠাই সমূহত যদি ভেকচিন নোলোৱা মানুহ থাকে তেন্তে আয়োজক সমিতিয়ে স্বাস্থ্য বিভাগক অৱগত কৰিব লাগিব আৰু সংশ্লিষ্ট বিভাগে ভেকচিন দিয়াৰ ব্যৱস্থা ল’ব লাগিব।
আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় টো হ’ল যে ৰাজ্যত প্ৰয়োজ্য হৈ থকা সান্ধ্য আইনৰ সময় সীমাৰ পূৰ্বেই সকলো দৰ্শকেই নাট উপভোগ কৰি ঘৰাঘৰি হ’ব পৰাকৈ নাট প্ৰদৰ্শনী সামৰিব লাগিব।
ভ্ৰাম্যমান নাট্য দলৰ প্ৰযোজক, পৰিচালক, অভিনেতা অভিনেত্রীকে আদি কৰি প্ৰতিগৰাকী কলা-কুশলীয়ে দুয়োটা ভেকচিন লোৱাৰ প্ৰমাণ পত্র প্ৰদৰ্শন কৰিব লাগিব বুলিও মন্ত্রী গৰাকীয়ে জনায়।
মণ্ডপৰ ভিতৰতো দৰ্শক সকলে সামাজিক দূৰত্ব মানিব লাগিব
অভিনেতা অভিনেত্রী সকলে দুদিনৰ অন্তৰে অন্তৰে ক’ভিডৰ ৰে’ট পৰীক্ষা কৰিব লাগিব বুলি তেওঁ জানিবলৈ দিয়ে।
সকলোৱে সকলো নিয়ম পালন কৰি পেক্ষাগৃহলৈ যাব লাগিব আৰু আয়োজক সকলে নাট প্ৰদৰ্শনৰ আগত আৰু মাজে মাজে ক’ভিডৰ নীতি নিয়মসমূহ প্ৰচাৰ কৰিব লাগিব।
স্বাস্থ্য মন্ত্রী গৰাকীৰ মতে ক’ভিড সন্দৰ্ভত আগৰ নীতি নিয়মসমূহ বাহাল থাকিব। ৰাজ্যত ক’ভিড আক্রান্তৰ সংখ্যা বৃদ্ধি পালে বা হ্ৰাস পালে নীতি নিয়মসমূহৰ পুনৰ সালসলনি কৰা হ’ব। নীতি নিয়মসমূহ উলংঘা কৰা আয়োজক তথা ভ্ৰাম্যমান নাট্য দলৰ প্ৰযোজক সকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব।