কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ সহযোগত গুৱাহাটী তেল শোধানাগাৰ কৰ্তৃপক্ষই আজি নুনমাটি ছেক্টৰ ৩ এলেকাত এটা মক ড্ৰিল অনুষ্ঠিত কৰে৷ জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ জিলা প্ৰকল্প প্ৰৱন্ধক কৌস্তৱ তালুকদাৰে সদৰি কৰা মতে শোধানাগাৰৰ ভিতৰত হোৱা তেল নিৰ্গমন আৰু এই তেল নলাৰে গৈ দাঁতিকাষৰীয়া অঞ্চলত বিয়পি পৰি অগ্নিকাণ্ড সংঘটিত হোৱাৰ এক আপাতকালিন পৰিস্থিতি কল্পনা কৰি এই অনুশীলন চলোৱা হয়৷ ভৱিষ্যতে হ’ব পৰা এনেধৰণৰ সাম্ভাব্য অনাকাংক্ষিত পৰিস্থিতি মোকাবিলা কৰিবলৈ শোধানাগাৰৰ অগ্নিনিৰ্বাপনকে ধৰি জৰুৰীকালিন ব্যৱস্থাসমূহ আৰু প্ৰশাসনৰ তাৎক্ষণিক সহোযোগিতা লাভৰ যোগাযোগসমূহৰ কাৰ্যক্ষমতা পৰীক্ষাৰ বাবে দিনৰ ১১ বজাৰ পৰা এঘন্টাৰো অধিক সময়জুৰি এই অনুশীলন চলোৱা হয়৷ অনুশীলনত আৰক্ষী, অগ্নি নিৰ্বাপক আৰু জৰুৰীকালিন সেৱা, এন ডি আৰ এফ, স্বাস্থ্য, আসামৰিক প্ৰতিৰক্ষা, প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ আদিয়ে তেওঁলোকৰ এছ অ’ পি অনুসৰি অংশগ্ৰহণ কৰে৷