অযোধ্যাত ৰাম মন্দিৰ উদ্বোধনৰ পূৰ্বে ১১ দিনৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰিব ‘ব্ৰতপালন’। শুকুৰবাৰে নিজৰ ইউটিউব চেনেলত ‘অযোধ্যাৰ ৰাম মন্দিৰত প্ৰাণপ্ৰতিষ্ঠা’ শীৰ্ষক এক বিশেষ অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে কয় যে আজিৰ পৰা ১১ দিনলৈ ‘বিশেষ নিয়ম’ পালন কৰিবলৈ তেওঁ আৰম্ভ কৰিছে। শাস্ত্ৰত উল্লেখ কৰা নিয়ম অনুসৰি আৰু সন্তসকলৰ উপদেশ পালন কৰি এই ১১ দিন ধৰি কঠোৰ অনুশাসন পালন কৰিব বুলিও তেওঁ অৱগত কৰে।
ৰাম মন্দিৰক লৈও মোদীয়ে নিজৰ অনুভৱ ব্যক্ত কৰে। তেওঁ কয় – “মই আৱেগিক হৈ পৰিছো ৷ জীৱনত প্ৰথমবাৰৰ বাবে এনে অভিজ্ঞতাৰ মাজেৰে পাৰ হোৱা যেন অনুভৱ হৈছে।” এই প্ৰতিজ্ঞাৰ কথা কওঁতে প্ৰধানমন্ত্ৰীয়ে কয়, “ৰাম মন্দিৰ উচৰ্গা কৰিবলৈ বাকী আছে মাত্ৰ ১১ দিন। প্ৰাণপ্ৰতিষ্ঠাৰ সময়ত ভাৰতবাসীক প্ৰতিনিধিত্ব কৰিবলৈ ভগৱানে মোক প্ৰস্তুত কৰিছে। এই কথা মনত ৰাখি আজিৰে পৰা ১১ দিনীয়া বিশেষ ব্ৰত আৰম্ভ কৰিছো।”
২২ জানুৱাৰীত অযোধ্যাত ৰাম মন্দিৰ উদ্বোধন কৰা হ’ব । সেইদিনা ‘ৰামলালা’ৰ মূৰ্তিত ‘প্ৰণপ্ৰতিষ্ঠা’ কৰা হ’ব। এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। বিশেষ অতিথিও উপস্থিত থাকিব অনুষ্ঠানত । অৱশ্যে কংগ্ৰেছে নিমন্ত্ৰণ লাভ কৰিও অহা ২২ জানুৱাৰীত এই অনুষ্ঠানত অংশগ্ৰহণৰ সিদ্ধান্ত লৈছে। দলটোৱে ‘বিজেপি আৰু আৰএছএছৰ ৰাজনৈতিক অনুষ্ঠান’লৈ নাযায় বুলি মন্তব্য কৰিছে৷