ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনৰ আমন্ত্ৰণত পেৰিছ ভ্ৰমণলৈ ৰাওনা হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। বৃহস্পতিবাৰে বেষ্টিল দিৱস উপলক্ষে তেওঁ তাত বিশেষ অতিথি হিচাপে উপস্থিত থাকিব। ফ্ৰান্সৰ পৰা উভতি অহাৰ পথত সংযুক্ত আৰব আমিৰশ্বাহীলৈ এদিনীয়া ভ্ৰমণৰ অন্তত ঘৰলৈ উভতি আহিব প্ৰধানমন্ত্ৰীগৰাকী। মোদীয়ে ইংগিত দিয়ে যে এই দুয়োখন দেশ ভ্ৰমণে ভাৰতৰ সৈতে পাৰস্পৰিক সম্পৰ্ক অধিক শক্তিশালী আৰু অধিক আন্তৰিক কৰি তুলিব। বৃহস্পতিবাৰে ফ্ৰান্স ভ্ৰমণৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে তেওঁৰ যাত্ৰাৰ সবিশেষ প্ৰকাশ কৰে।
মোদীয়ে কয় – “এই ভ্ৰমণ মোৰ বাবে অতি তাৎপৰ্যপূৰ্ণ হ’বলৈ গৈ আছে। বেষ্টিল দিৱসৰ সময়ত ফ্ৰান্সৰ ৰাষ্ট্ৰপতি মেক্ৰনক সাক্ষাৎ কৰিম। ভাৰতীয় সশস্ত্ৰ বাহিনীৰ তিনিটা শাখা (স্থল, বায়ু আৰু নৌসেনা)য়ে বেষ্টিল দিৱসৰ পেৰেডত অংশগ্ৰহণ কৰিবলৈ ওলাইছে। ভাৰতীয় বায়ুসেনাইও বেষ্টিল দিৱসৰ পেৰেডত বিশেষ অৱদান আগবঢ়াব।“
বেষ্টিল দিৱসৰ সমান্তৰালকৈ মোদীয়ে লগতে কয় যে এই বছৰ ভাৰত আৰু ফ্ৰান্সৰ মাজত পাৰস্পৰিক সম্পৰ্ক ২৫ বছৰীয়া হ’ব। সামৰিক সাহায্যৰ পৰা আৰম্ভ কৰি ব্যৱসায়, বিনিয়োগ, অৰ্থনীতি, শিক্ষা আৰু সংস্কৃতিলৈকে আগন্তুক দিনতো ফ্ৰান্সৰ সৈতে ভাৰতৰ অবিচ্ছেদ্য সম্পৰ্ক অব্যাহত থাকিব বুলি আশ্বাস দিয়ে প্ৰধানমন্ত্ৰীয়ে। এই ভ্ৰমণৰ সময়ত ফ্ৰান্সৰ ৰাষ্ট্ৰপতি প্ৰধানমন্ত্ৰী এলিজাবেথ বৰ্ণকে ধৰি মোডীয়ে ফ্ৰান্সৰ বিভিন্ন বিভাগৰ উচ্চপদস্থ বিষয়াৰ সৈতে কেইবাখনো বৈঠকত অংশগ্ৰহণ কৰিব পাৰে।
সূত্ৰসমূহে জনোৱা মতে, ফ্ৰান্স ভ্ৰমণৰ সময়ত ২৬খন “মেৰিন ৰাফেল” ক্ৰয়ৰ বুজাবুজি চুক্তি স্বাক্ষৰ কৰিব পাৰে মোডীয়ে ৷ লগতে ফ্ৰান্সৰ সৈতে যৌথ উদ্যোগত স্ক’ৰপিন চাবমেৰিন বিকশিত কৰাৰ চুক্তি চূড়ান্ত হ’ব পাৰে। ফ্ৰান্স ভ্ৰমণৰ পিছত শনিবাৰে সংযুক্ত আৰব আমিৰশ্বাহীলৈ ৰাওনা হ’ব মোডীয়ে। ইউ এ ই ভ্ৰমণে ভাৰতৰ সৈতে তেওঁলোকৰ সম্পৰ্ক সুদৃঢ় কৰিব বুলি প্ৰধানমন্ত্ৰীয়ে বিশ্বাস কৰে।