আজি ৰাছিয়ালৈ ৰাওনা হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। পাঁচ বছৰৰ মূৰত তেওঁ ৰাছিয়া ভ্ৰমণ কৰিব ৷ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ব্লাডিমিৰ পুটিনক সাক্ষাৎ কৰিব মোদীয়ে। পুটিনৰ সৈতে নৈশ ভোজত অংশগ্ৰহণ কৰিব ৷ মোদীয়ে ৰাছিয়াৰ পৰা অষ্ট্ৰিয়া ভ্ৰমণ কৰিব । সমগ্ৰ বিশ্বই মোদীৰ এই দুদিনীয়া ভ্ৰমণৰ ওপৰত নজৰ ৰাখিছে । ৪১ বছৰৰ পাছত এইবাৰ প্ৰথমবাৰৰ বাবে ভাৰতীয় প্ৰধানমন্ত্ৰীয়ে অষ্ট্ৰিয়াত ভৰি দিবলৈ ওলাইছে। অষ্ট্ৰিয়াৰ ৰাষ্ট্ৰপতি আলেকজেণ্ডাৰ ভান ডেৰ বেলেন আৰু চ্যান্সেলৰ কাৰ্ল নেহমাৰক সাক্ষাৎ কৰিব মোদীয়ে।
দিল্লী বিমানবন্দৰৰ পৰা ৰাছিয়ালৈ ৰাওনা হৈছে মোদী। এক বিবৃতিত তেওঁ লিখিছে, ‘মই ২২ সংখ্যক ভাৰত-ৰাছিয়া বাৰ্ষিক সন্মিলনত অংশগ্ৰহণ কৰিবলৈ ৰাছিয়া ভ্ৰমণ কৰিম । অহা তিনিদিনত মই অষ্ট্ৰিয়াও ভ্ৰমণ কৰিম । অষ্ট্ৰিয়ালৈ মোৰ প্ৰথম ভ্ৰমণ। বন্ধু পুটিনৰ সৈতে বিভিন্ন আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় বিষয়ত আলোচনা আৰু মত বিনিময় কৰিম। লক্ষ্য এক, শান্তিপূৰ্ণ সহাৱস্থান। ইয়াৰ বাহিৰেও এই ভ্ৰমণৰ সময়ত ৰাছিয়াত বসবাস কৰা ভাৰতীয়সকলক লগ পোৱাৰ সুযোগ পাম।”
অষ্ট্ৰিয়া ভ্ৰমণ সন্দৰ্ভত এক বিবৃতিত মোদীয়ে কয়, “অষ্ট্ৰিয়া আমাৰ নিৰ্ভৰযোগ্য অংশীদাৰ। আমি দুয়ো গণতন্ত্ৰ আৰু বহুত্ববাদৰ অংশীদাৰ। ৰাষ্ট্ৰপতি আলেকজেণ্ডাৰ আৰু চ্যান্সেলৰ কাৰ্লক লগ পোৱাৰ সুযোগ পাম। বিগত ৪০ বছৰৰ ভিতৰত ভাৰতৰ প্ৰধানমন্ত্ৰীৰ অষ্ট্ৰিয়া ভ্ৰমণৰ এয়া প্ৰথম। আশাকৰোঁ নতুন ধাৰণাৰ জৰিয়তে আমি দ্বিপাক্ষিক সম্পৰ্কক নতুন উচ্চতালৈ লৈ যাব পাৰিম।“
মন কৰিবলগীয়া যে ২০০০ চনত ৰাছিয়াৰ সৈতে ভাৰতৰ চুক্তি হৈছিল। এই সিদ্ধান্ত লোৱা হৈছিল যে দুয়োখন দেশৰ মুৰব্বী প্ৰতি বছৰে এবাৰ বৈঠকত মিলিত হ’ব আৰু দ্বিপাক্ষিক বৈঠক অনুষ্ঠিত হ’ব। চুক্তি অনুসৰি ২০১৯ চনলৈকে বৈঠক অনুষ্ঠিত কৰা হৈছে। ২০১৯ চনত ৰাছিয়া ভ্ৰমণ কৰিছিল মোদীয়ে। তাৰ পিছত ২০২০ চনৰ পৰা আৰম্ভ হ’ল ক’ভিড মহামাৰী। ২০২১ চনত পুটিন ভাৰতলৈ আহিছিল। কিন্তু তাৰ পিছৰে পৰা বিভিন্ন কাৰণত এই বৈঠক বন্ধ কৰি দিয়া হৈছে। ৰাছিয়া আৰু ইউক্ৰেইনত যুদ্ধ আৰম্ভ হোৱাৰ পিছৰে পৰা পশ্চিমীয়া বিশ্বই পুটিনৰ ওপৰত সামূহিক হেঁচা বৃদ্ধি কৰিছে। কেইবাটাও বাণিজ্যিক নিষেধাজ্ঞা আৰোপ কৰা হৈছে। সেই সময়ত ভাৰতে ৰাছিয়াৰ বিৰুদ্ধে পোনপটীয়াকৈ কোনো কথা কোৱা নাছিল। অৱশেষত ২০২৪ চনত পুনৰ সেই বৈঠক অনুষ্ঠিত কৰিবলৈ ওলাইছে মোদী আৰু পুটিনে। আমেৰিকাকে ধৰি পশ্চিমীয়া বিশ্বৰ দৃষ্টিও নিৱদ্ধ হৈ ৰৈছে এই বৈঠকত।