প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি (পিএম-কিষাণ) আঁচনিৰ অধীনত কৃষকসকললৈ দশম কিস্তি মুকলি কৰে। এই আঁচনিখনৰ অধীনত ১০ কোটিৰো অধিক হিতাধিকাৰী কৃষক পৰিয়াললৈ মুঠ ২০,০০০ কোটি টকাতকৈ অধিক পৰিমাণৰ ধন স্থানান্তৰ কৰা হৈছে ৷ প্ৰধানমন্ত্ৰী মোদীয়ে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে আয়োজিত এক অনুষ্ঠানত হিতাধিকাৰীসকললৈ এই কিস্তি মুকলি কৰে ৷
এই অনুষ্ঠানতে প্ৰধানমন্ত্ৰীয়ে প্ৰায় ৩৫১টা কৃষক সংগঠনলৈয়ো ১৪ কোটি তকৈও অধিক পৰিমানৰ আর্থিক সাহায্য প্ৰদান কৰে ৷ ইয়াৰ ফলত ১.২৪ লাখৰো অধিক কৃষক উপকৃত হ’ব। এই ভাৰ্চুৱেল অনুষ্ঠানটোত প্ৰায় নজন মুখ্যমন্ত্ৰী, বিভিন্ন ৰাজ্যৰ কেইবাজনো মন্ত্ৰী আৰু কৃষি প্ৰতিষ্ঠানৰ প্ৰতিনিধিয়ে অংশগ্ৰহন কৰে ৷ পিএম-কিষানৰ নৱম কিস্তি যোৱা আগষ্টত মুকলি কৰা হৈছিল।
আজি মুকলি কৰা কিস্তিকে ধৰি আঁচনিখনৰ অধীনত প্ৰদান কৰা মুঠ ধনৰ পৰিমাণ হৈছে প্ৰায় ১.৮ লাখ কোটি টকা ৷ পিএম-কিষান আঁচনিখন ২০১৯ চনৰ বাজেটত ঘোষণা কৰা হৈছিল।