ন্যায়াধীশ নিযুক্তিৰ ক্ষেত্ৰত ‘কলেজিয়াম ব্যৱস্থাৰ স্বচ্ছতা’ৰ পৰা আৰম্ভ কৰি সমলিংগ বিবাহৰ আইনী স্বীকৃতিৰ সৈতে জড়িত গোচৰত ‘উচ্চতম ন্যায়ালয়ৰ অধিকাৰ’লৈকে শেহতীয়াকৈ তেওঁ ন্যায়পালিকাৰ সমালোচনা কৰি বিতর্কৰ আৱর্তত সোমাই পৰিছিল কিৰেণ ৰিজিজু ৷ ।যাৰ বাবে তেওঁ উচ্চতম ন্যায়ালয়ৰ ভৎসর্ণাৰ সন্মুখীন হৈছে কিৰেণ ৰিজিজু ! এনে বিতর্কৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে কেন্দ্ৰীয় আইন মন্ত্ৰীৰ পদৰ পৰা কিৰেন ৰিজিজুক অপসাৰণ কৰে। অৰুণাচলৰ বিজেপি নেতাগৰাকীক কেন্দ্ৰীয় ভূতত্ত্ব মন্ত্ৰালয়ৰ নতুন দায়িত্ব দিয়া হৈছে।
ৰাজস্থানৰ বিজেপি সাংসদ অৰ্জুন ৰাম মেঘৱালক কিৰেনৰ ঠাইত আইন মন্ত্ৰালয়ৰ স্বতন্ত্ৰ দায়িত্ব লৈ ৰাজ্যিক মন্ত্ৰী হিচাপে নিযুক্তি দিয়া হৈছে। বৃহস্পতিবাৰে ৰাষ্ট্ৰপতি ভৱনৰ পৰা বিভাগ বদলি সম্পৰ্কীয় অধিসূচনা প্ৰকাশ কৰা হয়। বিজেপিৰ ভিতৰৰ এক সূত্ৰৰ মতে, কিৰেণ ৰিজিজুৱে বাৰে বাৰে ৰাজহুৱা স্থানত ক্ষোভৰ মন্তব্য কৰি চৰকাৰৰ বিপদ বৃদ্ধি কৰিছে। ন্যায়পালিকাৰ সৈতে সংঘৰ্ষত লিপ্ত হোৱাৰ বাবে উচ্চতম ন্যায়ালয়ৰ তীব্ৰ তীক্ষ্ণ আৰু তিৰস্কাৰৰ সন্মুখীন হৈছে তেওঁ। দলীয় সূত্ৰ অনুসৰি প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁক অপসাৰণ কৰি উচ্চতম ন্যায়ালয়লৈ ‘ইতিবাচক বাৰ্তা’ প্ৰেৰণ কৰিব বিচাৰিছে।
শেহতীয়াকৈ ৰাহুল গান্ধীক শাস্তি দিয়া ন্যাধীশক ‘নিয়ম ভংগকাৰী পদোন্নতি’, দিল্লীত গৱর্নৰ জেনেৰেল আৰু মুখ্যমন্ত্ৰীৰ মাজত প্ৰশাসনিক ক্ষমতাৰ সংঘর্ষ আদিকে ধৰি কেইবাটাও গোচৰত উচ্চতম ন্যায়ালয়ত তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে বিজেপি চৰকাৰ । এনে পৰিস্থিতিত মোদী চৰকাৰৰ এই পদক্ষেপক ৰাজনৈতিক পৰ্যবেক্ষকৰ এটা অংশই ‘উল্লেখযোগ্য’ বুলি গণ্য কৰে।
প্ৰসংগক্ৰমে ৰিজিজুৱে শেহতীয়াকৈ এক আলোচনাত কয়, “উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশসকলৰ কিছুমান ‘ভাৰত বিৰোধী গোট’ৰ সদস্য! সেই গোটৰ কাম চৰকাৰৰ বিৰুদ্ধে ন্যায়পালিকাক উচটনি দিয়া!” ইয়াৰ পূৰ্বে ৰিজিজুৱে ন্যায়াধীশ নিযুক্তিৰ ক্ষেত্ৰত কলেজিয়াম ব্যৱস্থাত স্বচ্ছতাৰ অভাৱৰ অভিযোগ উত্থাপন কৰিছিল। তাৰ বাবে তেওঁ উচ্চতম ন্যায়ালয়ৰ তিৰস্কাৰৰ সন্মুখীন হৈছিল ৷
কিন্তু তাৰ পিছতো কিৰেণ ৰিজিজজুৱে উচ্চতম ন্যায়ালয়ক লক্ষ্য কৰি লোৱাটো বন্ধ নকৰিলে। কেন্দ্ৰীয় আইন মন্ত্ৰী পদৰ পৰাই তেওঁ সমলিংগ বিবাহৰ আইনী অধিকাৰৰ বিচাৰধীন বিষয়টোৰ ওপৰত ৰাজহুৱাভাৱে মন্তব্য কৰে। আনকি উচ্চতম ন্যায়ালয়ৰ কাৰ্যক লৈ প্ৰত্যক্ষভাৱে প্ৰশ্ন উত্থাপন কৰিছিল। কেইসপ্তাহমান পূৰ্বে সংবাদমেলত কিৰেণ ৰিজিজুৱে কয় যে দেশৰ মানুহে বিবাহৰ দৰে গুৰুত্বপূৰ্ণ বিষয় এটাৰ ওপৰত সিদ্ধান্ত ল’ব লাগিব। এনে সমস্যা নিষ্পত্তি কৰাৰ স্থান আদালত নহয়।” তাৰ পিছত তেওঁ কয়, “দেশৰ জনসাধাৰণৰ আৱেগ নিৰ্বাচিত বিধায়িনী দলত প্ৰতিফলিত হয়।”