দিনটোৰ ব্যস্ত সময়ত মেট্ৰ’ৰে দিল্লী বিশ্ববিদ্যালয়লৈ গ’ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। বিশ্ববিদ্যালয়খনৰ শতবাৰ্ষিকী উপলক্ষে বছৰজোৰা কাৰ্যসূচীৰ আয়োজন কৰা হৈছে ৷শুকুৰবাৰে ইয়াৰ অন্ত পৰে। প্ৰধানমন্ত্ৰীয়ে লোক কল্যাণ মাৰ্গ ষ্টেচনৰ পৰা দিল্লী বিশ্ববিদ্যালয়লৈ মেট্ৰ’লৈ যায় ৷ ইউনিভাৰ্চিটি মেট্ৰ’ ষ্টেচনত তেওঁ নামি যায় ৷
মোডীক মেট্ৰ’ত যুৱ সহযাত্ৰীৰ সৈতে কথা-বতৰা পতা দেখা যায়। পিছত তেওঁ এই সন্দৰ্ভত টুইট কৰে। মেট্ৰ’ ভ্ৰমণৰ কেইখনমান ছবিৰে মোদীয়ে টুইট কৰি কয় যে নতুন প্ৰজন্মৰ ল’ৰা-ছোৱালীক সহযাত্ৰী হিচাপে পাই তেওঁ সুখী। সহযাত্ৰীসকলৰ সৈতে হোৱা কথা-বতৰাৰ বিষয়ে দিল্লী বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ আগত মোদীয়ে প্ৰকাশ কৰে ৷ তেওঁ কয় – “ছাত্ৰ-ছাত্ৰীৰ দৰে আজিও মেট্ৰ’ত যাত্ৰা কৰিলোঁ। ছাত্ৰ-ছাত্ৰীসকলে কিমান বিষয়ৰ ওপৰত কথা কয়? তেওঁলোকে মোৰ লগত অ’টিটি ছিৰিজৰ পৰা আৰম্ভ কৰি ৰিললৈকে সকলো কথা পাতিলে।”
দিল্লী বিশ্ববিদ্যালয়ৰ কম্পিউটাৰ চেণ্টাৰকে ধৰি কেইবাটাও নতুন অট্টালিকাৰ আধাৰশিলা স্থাপন কৰে মোদীয়ে। দেশৰ বৌদ্ধিক ক্ষেত্ৰখনলৈ “উল্লেখযোগ্য অৱদান” আগবঢ়োৱাৰ বাবে দিল্লী বিশ্ববিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীসকলকো তেওঁ ধন্যবাদ জ্ঞাপন কৰে।
প্ৰধানমন্ত্ৰী দিল্লী বিশ্ববিদ্যালয়ত উপস্থিত হোৱাৰ পূৰ্বেই বিশ্ববিদ্যালয় কৰ্তৃপক্ষই লোৱা এটা সিদ্ধান্তক লৈ বিতৰ্কৰ সৃষ্টি হয়। বিশ্ববিদ্যালয়খনৰ সৈতে জড়িত মহাবিদ্যালয়সমূহে অৱগত কৰে যে যেতিয়া প্ৰধানমন্ত্ৰীয়ে ভাষণ প্ৰদান কৰিব তেতিয়া বিশ্ববিদ্যালয়খনৰ সৈতে জড়িত মহাবিদ্যালয়সমূহত লাইভ টেলিকাষ্ট কৰা হ’ব। সেই সময়ত হিন্দু মহাবিদ্যালয়, ভীমৰাও আম্বেদকাৰ মহাবিদ্যালয় আৰু জাকিৰ হুছেইন মহাবিদ্যালয়ে এক অধিসূচনা জাৰি কৰি সকলো ছাত্ৰ-ছাত্ৰী, শিক্ষক আৰু শিক্ষক কৰ্মচাৰীৰ উপস্থিতি ‘বাধ্যতামূলক’ বুলি উল্লেখ কৰিছিল। বুধবাৰে প্ৰকাশিত অধিসূচনাত ছাত্ৰ-ছাত্ৰীয়ে শুকুৰবাৰে কোনোধৰণৰ ক’লা কাপোৰ পিন্ধিব নোৱাৰিব বুলি অৱগত কৰা হৈছিল । আনকি শুকুৰবাৰৰ অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীসকলে উপস্থিত থাকিলে পাঁচ দিনৰ উপস্থিতি দিয়া হ’ব বুলিও অধিসূচনাত উল্লেখ কৰা হৈছে ৷ যাক লৈ বিতর্কৰ সৃষ্টি হৈছে ৷
অৱশ্যে এই সন্দৰ্ভত এক প্ৰশ্নৰ উত্তৰত হিন্দু মহাবিদ্যালয়ৰ অধ্যক্ষ অঞ্জু শ্ৰীবাস্তৱে সংবাদ সংস্থা পিটিআইক জনাইছে যে এনে কোনো অধিসূচনা জাৰি কৰা হোৱা নাই। অৱশ্যে ছ’চিয়েল মিডিয়াত বিয়পি পৰা জাননীখন ভুৱা বুলি ক’ব বিচৰা নাছিল। দিল্লীৰ মিৰাণ্ডা হাউচ, ৰামজোছ কলেজৰ কৰ্তৃপক্ষইও ছাত্ৰ-ছাত্ৰীসকলক এই অনুষ্ঠানত উপস্থিত থাকিবলৈ অনুৰোধ জনোৱা বুলি জানিবলৈ দিয়ে। এই বিষয়ত কাকো জোৰ-জবৰদস্তি কৰা হোৱা নাই বুলিও কয়। এই প্ৰসংগত দিল্লী বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক বিকাশ গুপ্তাই কয় যে ছাত্ৰ-ছাত্ৰীৰ ‘বাধ্যতামূলক উপস্থিতি’ সন্দৰ্ভত বিশ্ববিদ্যালয়ে কোনো নিৰ্দেশনা দিয়া নাই।