নৰেন্দ্ৰ মোডী চৰকাৰে ব্যক্তিৰ কথা নহয় ,দেশৰ কথা চিন্তা কৰি নতুন দণ্ডবিধিৰ প্ৰণয়নত সক্ৰিয় হৈ পৰিছে। দণ্ডবিধিৰ সৈতে জড়িত তিনিখন বিধেয়কক লৈ লোকসভাত বিতৰ্ক আৰম্ভ কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এই মন্তব্য কৰে। তেওঁ লগতে কয় যে এই তিনিখন বিধেয়কে ৰাষ্ট্ৰীয় নিৰাপত্তা নিশ্চিত কৰাৰ লগতে সন্ত্ৰাসবাদ দমনৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণৰ উদ্দেশ্যে অনা হৈছে।
৯৭ জন সাংসদৰ নিলম্বনৰ পিছত লোকসভাত শ্বাহে দাবী কৰে যে স্বাধীন ভাৰতত ব্ৰিটিছ যুগৰ ৰাজদ্ৰোহ আইনৰ নাম সলনি কৰি কেৱল দেশদ্ৰোহ আইন বুলি কোৱা হৈছে । ইয়াৰ পিছত তেওঁ কয় “আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সেই দাসত্বৰ সকলো চিন মচি পেলাব।”তেওঁ লগতে দাবী কৰে যে স্বাধীনতাৰ পিছত নৰেন্দ্ৰ মোডীৰ চৰকাৰে নিৰ্বাচনৰ পূৰ্বে দিয়া সকলো প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰিছে ৷
শীতকালীন অধিৱেশনত মোডী চৰকাৰে নতুন দণ্ডবিধিৰ সৈতে জড়িত তিনিখন বিধেয়ক লোকসভাত প্ৰায় বিৰোধিতা নোহোৱাকৈ গৃহীত কৰিবলৈ সক্ৰিয় হৈ পৰিছে। বুধবাৰৰ পৰাই এই প্ৰক্ৰিয়া আৰম্ভ কৰে শ্বাহে। সংসদৰ নিৰাপত্তা ভংগ সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ বিবৃতি দাবী তোলাৰ বাবে ৯৭জন বিৰোধী সাংসদক সমগ্ৰ শীতকালীন অধিবেশনৰ বাবে নিলম্বন কৰা হৈছে ৷
প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে যোৱা ১১ আগষ্টত সংসদৰ নতুন অধিৱেশনৰ অন্তিম দিনা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে লোকসভাত তিনিখন বিধেয়ক দাখিল কৰি ঘোষণা কৰে যে ১৮৬০ চনত বলবৎ হোৱা ‘ভাৰতীয় দণ্ডবিধিৰ’ ঠাইত ‘ভাৰতীয় ন্যায় সংহিতা’ বলবৎ কৰা হ’ব। . ১৮৯৮ চনৰ ফৌজদাৰী প্ৰক্ৰিয়া আইনৰ ঠাইত ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ১৮৭২ চনৰ ভাৰতীয় প্ৰমাণ আইনৰ ঠাইত ভাৰতীয় প্ৰমাণ বিধেয়ক প্ৰস্তুত কৰা হ’ব।
ইয়াৰ পিছতে বিধেয়কখন তিনিখন সংসদীয় স্থায়ী সমিতিলৈ প্ৰেৰণ কৰা হয়। ইয়াৰ উপৰিও শ্বাহে আইনৰ পৰিৱৰ্তন সন্দৰ্ভত বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ চিঠি প্ৰেৰণ কৰে।