ৰাছিয়াৰ পাছত এইবাৰ ইউক্ৰেইন ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ এক সূত্ৰৰ মতে, প্ৰধানমন্ত্ৰীয়ে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমাইৰ জেলেনস্কিৰ সৈতে ৰাছিয়াৰ সৈতে যুদ্ধ শেষ কৰাৰ প্ৰক্ৰিয়াৰ বিষয়ে আলোচনা কৰিব পাৰে।
ৰাছিয়াৰ ৰাষ্ট্ৰপতি ব্লাদিমিৰ পুটিনে ইংগিত দিছে যে ইউক্ৰেইনে আমেৰিকাৰ নেতৃত্বত গঠিত সামৰিক মিত্ৰজোঁট নাটোত যোগদানৰ প্ৰচেষ্টাৰ পৰা আঁতৰি আহিলে মস্কোৱে যুদ্ধবিৰতি বলবৎ কৰিব পাৰে। এনে পৰিস্থিতিত কূটনৈতিক বিশেষজ্ঞৰ এটা দলে আশা কৰিছে যে মোদীৰ ভ্ৰমণৰ পাছত ৰাছিয়া-ইউক্ৰেইনৰ ৰক্তাক্ত সংঘাত বন্ধ হোৱাৰ সম্ভাৱনা আছে ৷
২০২২ চনৰ ২৪ ফেব্ৰুৱাৰীত যুদ্ধ আৰম্ভ হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে ইউক্ৰেইন ভ্ৰমণ কৰিব মোদীয়ে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ এক সূত্ৰৰ মতে, মোদীয়ে সংঘাতৰ অন্ত পেলাবলৈ ভাৰতে প্ৰয়োজনীয় প্ৰচেষ্টা হাতত ল’ব বুলি ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিক অৱগত কৰিছে ৷ যোৱা জুন মাহত জি-৭ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ ইটালীলৈ গৈছিল আৰু জেলেনস্কিৰ সৈতে পাৰ্শ্বীয় বৈঠকত মিলিত হৈছিল মোদী। তাৰ আগতে জাপানতো দুয়োৰে ব্যক্তিগত আলোচনা হৈছিল। দুয়োজনে কেইবাবাৰো ফোনত কথা পাতিছে।
২০২২ চনৰ ছেপ্টেম্বৰ মাহত উজবেকিস্তানত অনুষ্ঠিত হোৱা চাংহাই সহযোগিতা সংস্থাৰ বৈঠকৰ আঁৰত পুটিনৰ সৈতে প্ৰধানমন্ত্ৰীয়ে প্ৰথমবাৰৰ বাবে মুখামুখি বৈঠকত মিলিত হয়। একেখন বৈঠকতে মোদীয়ে পুটিনক কয় যে, ‘এয়া যুদ্ধৰ সময় নহয়।’
আনহাতে, ইউক্ৰেইনত ৰাছিয়াই ভূমি দখল কৰাৰ চেষ্টাৰ বিৰুদ্ধে ৰাষ্ট্ৰসংঘত আমেৰিকাকে ধৰি পশ্চিমীয়া দেশসমূহে বাৰে বাৰে প্ৰস্তাৱ দিয়াৰ পিছতো ভাৰতে ভোটদানত অংশ লোৱা নাছিল। ইয়াৰ উপৰিও মোদী চৰকাৰে আন্তঃৰাষ্ট্ৰীয় মঞ্চত ঘোষণা কৰিছে যে ইউক্ৰেইনৰ জনসাধাৰণক মানৱীয় সাহায্য আগবঢ়াই যাব। জেলেনস্কিৰ লগতে ৰাছিয়াৰ বৈদেশিক মন্ত্ৰী চাৰ্গেই লাভ্ৰভে ইতিমধ্যে যুদ্ধৰ অন্ত পেলোৱাত নতুন দিল্লীৰ “বৃহত্তৰ ভূমিকা” লোৱাৰ সম্ভাৱনাৰ সংকেত দিছে।