জয়লাভ কৰিবলৈ উঠি পৰি লাগিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ উত্তৰ প্ৰদেশৰ নির্বাচনত সন্মুখৰ পৰাই নেতৃত্ব দি আহিছে প্ৰধানমন্ত্ৰীয়ে ৷ শেহতীয়াকৈ প্ৰধানমন্ত্ৰীয়ে কেইবাবাৰো ভ্ৰমণ কৰিছে উত্তৰপ্ৰদেশ ৷ আগন্তুক ১০ দিনতে পুনৰ চাৰিবাৰ উত্তৰ প্ৰদেশ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে ৷ অহা ১৮ ডিচেম্বৰৰ পৰা ২৮ ডিচেম্বৰলৈ মোদীয়ে চাৰিবাৰ ভ্ৰমন কৰিব ৰাজ্যখন ৷
অহা ১৮ ডিচেম্বৰত প্ৰধানমন্ত্ৰীয়ে ছাহজানপুৰত গংগা এক্সপ্ৰেছৱেৰ শিলন্যাস কৰিব ৷ ৬ টা লেনযুক্ত ঘাইপথ হ’ব গংগা এক্সপ্ৰেছৱে ৷মীৰাটৰ পৰা প্ৰয়াগৰাজলৈ নির্মান হ’বলগীয়া এই এক্সপ্ৰেছৱেৰ দৈর্ঘ্য হ’ব ৫৯৪ কিল’মিটাৰ ৷ ২১ ডিচেম্বৰত প্ৰধানমন্ত্ৰী গৰাকীয়ে প্ৰয়াগৰাজত উপস্থিত হ’ব আৰু এখন সভা সম্বোধন কৰিব ৷ অহা ২৩ ডিচেম্বৰত মোদী পুনৰ উপস্থিত হ’ব কাশীত ৷ সেইদিনা প্ৰধানমন্ত্ৰী গৰাকীয়ে এটা চাৰিলেনযুক্ত পথৰ আধাৰ শিলা স্থাপন কৰিব ৷ ২৮ ডিচেম্বৰত মোদীয়ে কানপুৰ মেট্ৰ’ ৰেলসেৱা মুকলি কৰিব ৷