দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আজি ৭১ সংখ্যক ওপজা দিন।সেই উপলক্ষে আজিৰে পৰা সমগ্ৰ দেশজুৰি প্ৰধানমন্ত্ৰীজনৰ এই বিশেষ দিনটোৰ লগত সংগতি ৰাখি ২০ দিনীয়া কাৰ্যসূচীৰে পালন কৰিছে মোডীৰ জন্মদিন।
এই বিশেষ দিনটোত দেশবাসীয়ে প্ৰাৰ্থনা কৰিছে প্ৰধানমন্ত্ৰীজনৰ সু-স্বাস্থ্য আৰু দীৰ্ঘায়ু জীৱন।যদিও এই বয়সতো মোডীক প্ৰত্যেক সময়তে যথেষ্ট সুস্থ-সৱল আৰু শক্তিশালী ৰূপত দেখা যায়।
দেশৰ সমস্ত দায়িত্ব কান্ধ পাতি লোৱা মোডীৰ এই সৱল মানসিকতাৰ আঁৰত আছে মোডীৰ এক সঠিক দিনলিপি।আচলতে দিনটোৰ আৰম্ভণি মোডীয়ে কিছু সুকীয়া ধৰণে কৰে।
ইমান ব্যস্ততাৰ মাজতো মোডীয়ে নিজৰ দৈনিক কৰ্মৰাজী সুন্দৰকৈ পালন কৰে।নিজৰ স্বাস্থ্যৰ প্ৰতি অতিকৈ সচেতন মোডীয়ে পুৱা শুই উঠিয়েই খোজকঢ়াৰ লগতে যোগাসন আৰু সাধনা কৰে।
যোগাসনৰ ভিতৰত মোডীয়ে সূৰ্যনমস্কাৰ আৰু প্ৰাণায়ম দৈনিক কৰি ভাল পায়।মোডীৰ বিশ্বাস যে যোগাসনে মানুহৰ শাৰীৰিক আৰু মানসিক শক্তি প্ৰদান কৰে।
ইয়াৰলগতে মোডীয়ে খাদ্য তালিকাৰ ওপৰতো বিশেষ মনোনিবেশ কৰে।সাধাৰণতে মোডীয়ে গুজৰাটী খাদ্য আৰু খিচিৰি খাই ভাল পায়।ইয়াৰোপৰি মোডীয়ে দৈনিক একাপ দৈ খায়।
এবাৰ এটা সংবাদ মাধ্যমৰ আগত কোৱা অনুসৰি মোডীয়ে সপ্তাহত এদিন পাৰাঠা খাবলৈ পালে ভাল পায় আৰু কাঠফুলাৰ তৰকাৰী মোডীৰ অন্যতম প্ৰিয় খাদ্য।অত্যন্ত প্ৰটিন আৰু পৰিপুষ্টি থকা এই কাঠফুলা মোডীৰ বাবে সুদূৰ হিমাচলৰ পৰা আমদানি কৰা হয়।
স্বাস্থ্যই সম্পদ। এই কথা বিশ্বাস কৰা মোডীয়ে ২০১২ চনৰ পৰাই স্বাস্থ্য সম্পৰ্কত অধিক মনোনিবেশ কৰিছিল। মোডীৰ মতে সু-স্বাস্থ্যৰ অধিকাৰী হ’বলৈ হলে মানুহে স্বাস্থ্য সন্মত খাদ্য খোৱাৰ লগতে ব্ৰত ৰখাটো অতিকৈ প্ৰয়োজনীয় কথা। তেনেক্ষেত্ৰত মোডীয়ে ৩৫ বছৰৰ পৰাই নৱৰাত্ৰি উপলক্ষে ব্ৰত পালন কৰি আহিছে। মোডীৰ বিশ্বাস যে ব্ৰত ৰখাটো মানুহৰ শৰীৰ বিশুদ্ধকৰণৰ আটাইতকৈ উত্তম পথ।