সীমান্তত বা কাশ্মীৰত প্ৰৰোচনা সৃষ্টি কৰিবলৈ চেষ্টা কৰিলে ভাৰতে পূর্বৰ দৰে মনে মনে বহি নাথাকিব। কোনো বিজেপি নেতাই এই কথা কোৱা নাই। আমেৰিকাৰ চোৰাংচোৱাৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছে এই তথ্য ! প্ৰতিবেদন অনুসৰি পাকিস্তানে ভাৰত বিৰোধী কৌশলৰ অংশ হিচাপে সীমান্তত সন্ত্ৰাসবাদত লিপ্ত হ’লে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন ভাৰতে নিজৰ সেনা মোতায়েন কৰি প্ৰতিশোধ ল’বলৈ চেষ্টা কৰিব। প্ৰতিবেদনত দাবী কৰা হৈছে যে এই নতুন পৰিকল্পনা ভাৰতৰ পূৰ্বৰ প্ৰতিৰোধমূলক পদক্ষেপতকৈ সম্পূৰ্ণ পৃথক।
প্ৰতিবেদন অনুসৰি পাকিস্তানে দীৰ্ঘদিন ধৰি ভাৰত বিৰোধী সন্ত্ৰাসবাদী সংগঠনসমূহক সক্ৰিয় কৰি ৰাখিবলৈ চেষ্টা কৰি আহিছে। নতুন দিল্লীয়ে ইছলামবাদক তীব্ৰ সঁহাৰি দিব পাৰে বুলিও প্রতিবেদনত দাবী কৰা হৈছে যদিহে সীমান্তৰ নতুন উত্তেজনা সৃষ্টি হয়। ইয়াৰ উপৰিও দুখন পাৰমাণৱিক শক্তিচালিত দেশৰ মাজত যুদ্ধৰ পৰিস্থিতিৰ সৃষ্টি হ’লে যি ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হ’ব পাৰে সেই বিষয়েও উদ্বেগ প্ৰকাশ কৰা হৈছে প্ৰতিবেদনত। কাশ্মীৰক লৈ ভাৰত আৰু পাকিস্তানে বাৰে বাৰে শীতল যুদ্ধ আৰু প্ৰায় ৪ খন পূৰ্ণাংগ যুদ্ধ আৰু সীমান্তত সন্ত্ৰাসবাদক সমৰ্থন কৰা বুলিও প্ৰতিবেদনত উল্লেখ আছে।
কিন্তু প্ৰতিবেদনৰ শেষত বৰ্তমানৰ যথাৰ্থ অৱস্থাৰ কথা উল্লেখ কৰি এইদৰে লিখা আছে, “ভাৰত আৰু পাকিস্তান দুয়োখনেই বৰ্তমান যথাৰ্থ অৱস্থা বজাই ৰখাৰ পক্ষত আছে।দুয়োখন দেশেই নিয়ন্ত্ৰণ ৰেখাৰ কাষত যুদ্ধবিৰতি মানি চলিবলৈও ইচ্ছা প্ৰকাশ কৰিছে।’