প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পঞ্চম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে দেশৰ সকলো ছাত্ৰ-ছাত্ৰীৰ প্ৰেৰণ কৰিব পত্ৰ ৷ ইয়াৰ বাবে আৰম্ভ কৰা হৈছে যাৱতীয় প্ৰক্ৰিয়া ৷ সূত্ৰ অনুসৰি যোৱা এমাহ ধৰি ধুমুহাৰ গতিৰে ইয়াৰ বাবে প্ৰস্তুতি চলোৱা হৈছে। প্ৰথম পৰ্যায়ত দেশৰ ৪০ লাখ ছাত্ৰ-ছাত্ৰীলৈ মোদীয়ে চিঠি লিখিব বুলি সিদ্ধান্ত লোৱা হৈছে। সূত্ৰ অনুসৰি ইয়াৰ বাবে ১০ কোটি টকা খৰচ হিচাপে নিৰ্ধাৰণ কৰা হৈছে। অৱশ্যে মন্ত্ৰালয়ৰ সূত্ৰ অনুসৰি প্ৰথম পৰ্যায়ত মুঠ খৰচ ৪০ কোটিলৈ বৃদ্ধি পাব পাৰে বুলি ভবা হৈছে ৷
শীৰ্ষ ৰাজনৈতিক সূত্ৰৰ মতে, এই পত্ৰ আঁচনিখন সফল ৰূপায়ণৰ পিছত দ্বিতীয় পৰ্যায়ত কলেজীয়া ছাত্ৰ-ছাত্ৰীলৈ চিঠি লিখাৰ কথা বিবেচনা কৰা হ’ব। খবৰ পোৱা গৈছে যে বিজেপি নেতৃত্বইও এই কামত সহায় কৰিছে । এইবাৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে এই পত্ৰ প্ৰেৰণ কৰাটো স্বাভাৱিকতে বিজেপি নেতৃত্বই বিচাৰে।
ৰাজনৈতিক সূত্ৰ অনুসৰি প্ৰধানমন্ত্ৰীৰ প্ৰাৰম্ভিক ৪০ লাখ চিঠিৰ বক্তব্য একেই থাকিব। ই নৈতিকতা, দেশপ্ৰেম, জাতীয়তাবাদ, দেশপ্ৰেমক জাগ্ৰত কৰে বুলি কোৱা হ’ব। এই পত্ৰৰ জৰিয়তে প্ৰধানমন্ত্ৰীয়ে দেশৰ ভৱিষ্যত প্ৰজন্মৰ সৈতে প্ৰত্যক্ষ সংযোগ স্থাপন কৰিব বিচাৰিছে ৷কিন্তু সূত্ৰৰ পৰা জানিব পৰা মতে, চিঠিখনৰ কোনো ৰাজনৈতিক প্ৰসংগ নাথাকিব ,বৰঞ্চ ভাৰতৰ পৰম্পৰাগত সংস্কৃতি আৰু আধ্যাত্মিক মূল্যবোধহে আছে। এই গোটেই পৰিকল্পনা আৰ এছ এছ আৰু সংঘ পৰিয়ালৰ অনুমোদন লাভ কৰিছে।
ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে যুৱ প্ৰজন্মৰ সৈতে সংযোগ স্থাপনৰ বাবে ‘পৰীক্ষা পে চৰ্চা’ মুকলি কৰে। তাত নৰেন্দ্ৰ মোদীয়ে পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ পূৰ্বে ছাত্ৰ-ছাত্ৰীক পৰামৰ্শ প্ৰদান কৰিছিল ৷ ইয়াত দেশৰ প্ৰায় ২০ লাখ ছাত্ৰ-ছাত্ৰীৰ নাম আৰু ঠিকনা পঞ্জীয়ন কৰা হৈছে। এই সংখ্যা বৃদ্ধি পাব।‘পৰীক্ষা পে চর্চা’ৰ বাবে দেশৰ ছাত্ৰ-ছাত্ৰীয়ে সৃষ্টি কৰা ডাটাবেছ ব্যৱহাৰ কৰা হ’ব পত্ৰ প্ৰেৰণৰ বাবে ।