আজি আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে ডিমা হাছাও স্বায়ত্ব শাসিত পৰিষদৰ প্ৰাক্তন কার্যবাহী সদস্য মোহিত হোজাইয়ে ৷ ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ উপস্থিতিত তেওঁ যোগদান কৰে ৷ মোহিত হোজাইৰ উপৰি আন ৬০ জন লোকে বিজেপিত যোগদান কৰে ৷
উল্লেখ্য যে ডিমা হাছাওৰ ১০০০ কোটি টকা কেলেংকাৰীৰ মূল অভিযুক্ত আছিল মোহিত হোজাই ৷ এই গোচৰত নেচনেল ইনভেষ্টিগেভচন এজেন্সী চমুকৈ নিয়াই মোহিত হোজাইক গ্ৰেপ্তাৰ কৰিছিল ৷ আনকি নিয়াৰ বিশেষ আদালতে মোহিত হোজাইক দোষী সাৱ্যস্ত কৰি যাৱজ্জীৱন কাৰাদণ্ডেৰে দণ্ডিত কৰিছিল ৷ অৱশ্যে পৰৱর্তী সময়ত গুৱাহাটী উচ্চ ন্যায়ালয়ে তথ্য প্ৰমাণৰ অভাৱত মোহিত হোজাইক দোষমুক্ত কৰে ৷ ইয়াৰ পাছতে তেওঁ ১৪ বছৰ কাৰাগাৰত থকাৰ পাছতে মুকলি আকাশৰ তললৈ ওলাই আহে ৷