অৱশেষত কাৰাগাৰৰ পৰা মুকলি আকাশৰ তললৈ ওলাই আহিল মোহিত হোজাই। উত্তৰ কাছাৰ স্বায়ত্ব শাসিত পৰিষদৰ এহেজাৰ কোটিটকীয়া কেলেংকাৰীৰ গোচৰত দীর্ঘদিন ধৰি কাৰাবন্দী হৈ আছিল মোহিত হোজাই ৷ নিয়াৰ আদালতে মোহিত হোজাইক যাৱজ্জীৱন কাৰাদণ্ড বিহিছিল যদিও উচ্চ ন্যায়ালয়ে তেওঁক যোৱা আগষ্টত দোষমুক্ত ঘোষণা কৰে ৷ কিন্তু তেওঁৰ বিৰুদ্ধে আন কেইবাটাও গোচৰ থকাৰ বাবে কাৰাগাৰতে থাকিবলগীয়া হৈছিল ৷ আন গোচৰসমূহতো জামিন লাভ কৰাৰ পাছত তেওঁ মুকলি আকাশৰ তললৈ ওলাই আহে ৷
ইপিনে কাৰাগাৰৰ পৰা মুকলি হোৱাৰ পাছতে তেওঁ ডিমা হাচাওত উপস্থিত হয় ৷ সমর্থকসকলে তেওঁক গামোচা পিন্ধায় আদৰণি জনোৱাৰ লগতে শোভাযাত্ৰা কৰি আদৰি নিয়ে ৷
উল্লেখ্য যে ২০১৭ৰ ২২ মে’ত নিয়াৰ বিশেষ আদালতে শাস্তি প্রদান কৰিছিল হোজাইক। উন্নয়ন পুঁজিৰ ধন উগ্রপন্থীলৈ হস্তান্তৰৰ অপৰাধত গ্রেপ্তাৰ হৈছিল পৰিষদৰ তদানীন্তন মুখ্য কার্যবাহী সদস্য হোজাই।
১কোটি টকাসহ আৰক্ষীৰ জালত পৰিছিল মোহিত হোজাই। দিছপুৰ আৰক্ষীয়ে ডিমা হাছাওৰ পৰা গ্রেপ্তাৰ কৰিছিল তেওঁক। কিন্তু উচ্চ ন্যায়ালয়ে নিয়াৰ তদন্তত অসন্তুষ্টি প্ৰকাশ কৰি হোজাইক দোষমুক্ত কৰে ৷ নিয়া গঠন হোৱাৰ পাছত প্ৰথমটো গোচৰেই আছিল পৰিষদৰ কেলেংকাৰীক লৈ ৷ কিন্তু এই গোচৰটোৰ উপযুক্ত তদন্ত কৰাত ব্যর্থ হয় নিয়া ৷