ধন আৰু সুখৰ মাজৰ সম্পৰ্ক আছেনে ? এয়া এক উত্তৰবিহীন প্ৰশ্ন ৷ এই সম্পৰ্কে বিভিন্নজনে বিভিন্ন মতামত প্ৰকাশ কৰি আহিছে ৷ কোনো কোনোৱে কয় ধনে কেবল ধনৰ পৰিমাণ বৃদ্ধিহে কৰে, মনৰ শান্তি নিদিয়ে। কিন্তু সম্পূৰ্ণ বেলেগ মতামত ধাৰণ থকা মানুহো আছে। তেওঁলোকৰ মতে টকাই সকলো সুখ কিনিব পাৰে। ইয়াৰ উত্তৰ প্ৰদান কৰিছে এগৰাকী নোবেল বঁটা বিজয়ী অৰ্থনীতিবিদে ৷ তেওঁৰ মতে ধন আৰু প্ৰতিপত্তিয়ে ব্যক্তিগত জীৱনত সুখ কঢ়িয়াই আনে।
তেওঁলোকৰ গৱেষণাৰ পৰা দেখা গৈছে যে আয় আৰু উপাৰ্জনৰ বৃদ্ধিৰ লগে লগে সুখ বৃদ্ধি হোৱাৰ প্ৰৱণতা থাকে। শেহতীয়াকৈ ৱাশ্বিংটন পোষ্টৰ এক প্ৰতিবেদনত নোবেল বিজয়ী অৰ্থনীতিবিদ ডেনিয়েল কাহনেমেন আৰু প্ৰিন্সটন বিশ্ববিদ্যালয় আৰু পেনচিলভেনিয়া বিশ্ববিদ্যালয়ৰ শিক্ষক-গৱেষক মেথিউ কিলিংছৱৰ্থৰ গৱেষণাৰ প্ৰতিবেদনত প্ৰকাশ পাইছে। আমেৰিকাত ১৮ৰ পৰা ৬৫ বছৰ বয়সৰ ৩৩,৩৯১ জন লোকৰ ওপৰত এই সমীক্ষা চলোৱা হৈছে, যাৰ পৰিয়ালৰ আয় বছৰি ৮ লাখ টকাৰ ওপৰত। অধ্যয়নৰ অন্তত গৱেষকসকলে দুটা ডাঙৰ সিদ্ধান্তত উপনীত হয়। এটা হ’ল বাৰ্ষিক আয় বেছি হোৱাটো সুখৰ লগত জড়িত। আন এটা হ’ল, মুষ্টিমেয় লোকে প্ৰকাশ কৰিছিল যে ধন-সম্পত্তি বৃদ্ধিৰ লগে লগে তেওঁলোকৰ সুখৰ মাত্ৰা সলনি হোৱা নাছিল। জীৱনশৈলীত কোনো প্ৰভাৱ পৰা নাই ৷
সেই অধ্যয়নটোৱে ২০১০ চনৰ এক অধ্যয়নৰ বিৰোধিতা কৰিছে। য’ত কোৱা হয় যে টকাই সুখক এটা পইণ্টলৈকে বৃদ্ধিহে কৰিব পাৰে। সেই ক্ষেত্ৰত বাৰ্ষিক আয় প্ৰায় ৬২ লাখ টকা হ’ব লাগে। ইয়াৰ পূৰ্বে কাহনেমেনৰ গৱেষণাৰ ফলাফল ইমানেই জনপ্ৰিয় হৈ পৰিছিল যে ক্ৰেডিট কাৰ্ড কোম্পানী এটাৰ প্ৰতিষ্ঠাপকে তেওঁলোকৰ কৰ্মচাৰীসকলৰ নূন্যতম দৰমহা বছৰি ৬১ লাখ টকালৈ বৃদ্ধি কৰিছিল। আনকি একাংশ উৰ্ধতন বিষয়াই ইয়াৰ বাবে দৰমহাও হ্ৰাস কৰিছিল ৷
এই নতুন অধ্যয়ন চলিত মাহৰ নেচনেল একাডেমী অৱ চাইন্সেছৰ প্ৰচিডিংছত প্ৰকাশ পাইছে। কিন্তু শেষত কিলিংছৱৰ্থে ‘বিধিগত সতৰ্কবাণী’ প্ৰদান কৰিছে । এক বিবৃতিত তেওঁ কয় যে সুখৰ বহু নিৰ্ণায়ক আছে। তাৰে এটা হ’ল টকা। কিন্তু ধনেই সুখৰ একমাত্ৰ গোপন চাবিকাঠি নহয়। কিন্তু মানুহৰ জীৱনত সুখ বৃদ্ধি কৰাত ধনে বহুত সহায় কৰে।”