বান্দৰৰ বাবেই বিপদত পৰিছে ৰাজস্থান আৰক্ষী ৷ আনকি বান্দৰৰ বাবেই আদালতৰ ভৎসর্নাৰ সন্মুখীন হ’বলগীয়া হৈছে ৰাজস্থান আৰক্ষী ৷ কিন্তু বান্দৰে কি এনে কাম কৰিলে যে আৰক্ষী বিপদৰ সন্মুখীন হৈছে, সেয়া জানিলে আচৰিত নোহোৱাকৈ থাকিব নোৱাৰিব আপুনি ৷ এটা হত্যাৰ গোচৰৰ তথ্য প্ৰমাণ ৰখা এটা মোনা আৰক্ষী থানাৰ পৰা বান্দৰে চুৰ কৰি লৈ যোৱাৰ বাবেই বিপদত পৰিছে ৰাজস্থানৰ আৰক্ষী ৷ এই ঘটনা সংঘটিত হৈছে জয়পুৰৰ চান্দৱাজী নামৰ স্থানত ৷
ঘটনাৰ বিবৰণী অনুসৰি ২০১৬ চনৰ ছেপ্টেম্বৰত ৰাজস্থানৰ ৰাজধানী জয়পুৰৰ চান্দৱাজী অঞ্চলৰ এটা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত শশীকান্ত শৰ্মা নামৰ এজন লোকক হত্যা কৰা হৈছিল ৷ তেওঁৰ মৃতদেহ উদ্ধাৰ কৰাৰ আগতে তিনিদিন ধৰি সন্ধানহীন আছিল। শৰ্মাৰ পৰিয়ালে অভিযোগ কৰিছিল যে তেওঁক হত্যা কৰা হৈছিল ৷ আনকি দোষীক কৰায়ত্বৰ দাবীত সেই সময়ত দিল্লী-জয়পুৰ ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাৱ্যস্ত কৰা হৈছিল ৷ আৰক্ষীয়ে পাঁচ দিন পিছত ৰাহুল আৰু মোহনলাল কান্দেৰা নামৰ দুজন লোকক এই সন্দর্ভত গ্ৰেপ্তাৰ কৰে। দুয়োজন চান্দৱাজীৰ বাসিন্দা ৷ সেই সময়তে আৰক্ষীয়ে উদ্ধাৰ কৰিছিল শর্মাক হত্যা কৰিবলৈ ব্যৱহাৰ কৰা চোকা অস্ত্ৰ আৰু আন আন সামগ্ৰী ৷ হত্যাত ব্যৱহৃত অস্ত্ৰসহ সকলো প্ৰমাণ এটা মোনাটো ভৰাই আৰক্ষী থানাখনৰ গছৰ তলত ৰখা হৈছিল ৷ কিয়নো আৰক্ষী থানাত মোনাখন থবলৈ ঠাই নাছিল ৷ আৰু গছৰ তলৰ পৰাই মোনাখন লৈ অন্তর্ধান হয় বান্দৰ ৷ শেহতীয়াকৈ গোচৰটোৰ শুনানিৰ সময়ত আদালতে আৰক্ষীক প্ৰমাণ উপস্থাপন কৰিবলৈ কৈছিল ৷ আদালতৰ নির্দেশৰ পাছতে লিখিত ভাৱে আৰক্ষীয়ে সদৰী কৰে যে হত্যা কাণ্ডত ব্যৱহৃত অস্ত্ৰসহ ১৫ বিধ তথ্য প্ৰমাণ ৰখা মোনাটো বান্দৰে চুৰি কৰিছে। যাক লৈ আৰক্ষীৰ ওপৰত খর্গহস্ত হৈ পৰা আদালতে জাননী জাৰি কৰা হৈছে ৷ এই ঘটনাত বিভাগটোৱে এজন “অসাৱধান” কনিষ্টবলক দোষাৰোপ কৰি নিলম্বিত কৰে ৷ পাছলৈ নিলম্বিত কৰা কনিষ্টবলজনৰ মৃত্যু হয় ৷
।