আজিৰ পৰা আৰম্ভ হৈছে সংসদৰ বৰ্ষাকালীন অধিৱেশন ৷ ১২ আগষ্টত সমাপ্ত হ’ব এই অধিবেশনৰ । অৱশ্যে জিএছটি আৰু মুদ্ৰাস্ফীতিক লৈ ৰাজ্যসভাত কংগ্ৰেছে সৃষ্টি কৰা বিভ্ৰান্তিৰ বাবে ৰাজ্যসভাৰ অধিৱেশনখন আজি দিনটোৰ বাবে স্থগিত ৰখা হৈছে। ইফালে, ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভোটগ্ৰহণৰ বাবে লোকসভাৰ অধিবেশনখনো আজি দুপৰীয়া ২ বজালৈ স্থগিত ৰখা হৈছে।
উল্লেখযোগ্য যে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই আজি অধিবেশনখনত জাপানৰ প্ৰধানমন্ত্ৰী শিনজো আবেক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।এই বৰ্ষাকালীন অধিৱেশনৰ সময়ছোৱাত, কেন্দ্ৰীয় চৰকাৰে কেইবাখনো আইন প্ৰণয়ন কৰিব ৷ ইয়াৰ আইনী কাৰ্যসূচীত গৃহীত হোৱাৰ বাবে ৩২ খন বিধেয়ক অন্তৰ্ভুক্ত কৰা হৈছে ,যাৰ ভিতৰত ১৪ খন ইতিমধ্যে সাজু হৈ উঠিছে। বিধেয়কসমূহৰ ভিতৰত আছে কেণ্টনমেণ্ট বিধেয়ক, বহু-ৰাজ্যিক সমবায় সমিতি বিধেয়ক আৰু অন্যান্য।ইয়াৰ উপৰিও অধিবেশনখনত কিছুমান অমীমাংসিত বিলো গ্ৰহণ কৰা হ’ব। অমীমাংসিত তালিকাত থকা কিছুমান বিধেয়কৰ ভিতৰত আছে ভাৰতীয় এণ্টাৰ্কটিকা বিধেয়ক, ২০২২ আৰু আন্তঃৰাজ্যিক নদী জল বিবাদ (সংশোধনী) বিধেয়ক, ২০১৯।
আজি সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ প্ৰথম দিনটোতে ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভোটদান প্ৰক্ৰিয়া অনুষ্ঠিত হৈছে যাৰ ভোটগণনা ২১ জুলাইত অনুষ্ঠিত হ’ব।