ধাৰাসাৰ বৰষুণৰ ফলত পথ খহি যোৱাত উত্তৰ ছিকিমত আবদ্ধ হৈ আছে ২০০০ৰো অধিক পৰ্যটক। যোৱা বৃহস্পতিবাৰৰ পৰা উত্তৰ ছিকিমত এই পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ ধাৰাসাৰ বৰষুণৰ ফলত বিভিন্ন নদীৰ জলপৃষ্ঠ বৃদ্ধি পাইছে ৷
উত্তৰ ছিকিমৰ মংগানৰ পৰা চুংথাংলৈ যোৱা পথত যাতায়ত ব্যাহত হৈছে বুলি ৰাজ্য প্ৰশাসনে জানিবলৈ দিয়ে। মংগন জিলা প্ৰশাসনে জনোৱা মতে, ভূমিস্খলনৰ বাবে কেইবাটাও পথ বন্ধ কৰা হৈছে। চাংগু হ্ৰদ, নাথুলা, বাবা মন্দিৰৰ দৰে জনপ্ৰিয় পৰ্যটনস্থলীলৈ যোৱা সংযোগী পথত খহনীয়াৰ সৃষ্টি হৈছে ৷
এই পৰিস্থিতিৰ বাবে ১৯৭৫ জন ঘৰুৱা পৰ্যটক, ৩৬ জন বিদেশী পৰ্যটক লাচেন আৰু লাচুং অঞ্চলৰ হোটেলত আবদ্ধ হৈ আছে। বিদেশী পৰ্যটকৰ ভিতৰত আছে ২৩ জন বাংলাদেশী, ১০ জন আমেৰিকান আৰু ৩ জন ছিংগাপুৰৰ।
পৰ্যটকৰ অন্যতম প্ৰিয় ঠাই ছিকিম। পাহাৰৰ সৌন্দৰ্য্য উপভোগ কৰিবলৈ সেই ৰাজ্যলৈ পর্যটকে ভিৰ কৰে। এইবাৰ প্ৰকৃতিৰ ক্ৰোধৰ বাবে পৰ্যটকসকল বিপদত পৰিছে ৷উত্তৰ ছিকিমৰ বিভিন্ন পথত আবদ্ধ হৈ পৰে ৩৪৫খন গাড়ী আৰু ১১খন বাইক। প্ৰশাসনৰ সূত্ৰৰ মতে, বৰষুণ বন্ধ হোৱাৰ লগে লগে পথ মেৰামতিৰ কাম আৰম্ভ হ’ব।