ভাৰতীয় ৰেলৱেৰ গ্ৰুপ চিত ৩ লাখৰো অধিক পদ খালী হৈ আছে । প্ৰায় ১৯ হাজাৰ ৰাজপত্ৰিত চৰকাৰী পদৰ ভিতৰত ৩ হাজাৰৰো অধিক পদ বর্তমান খালী হৈ আছে । তথ্যৰ অধিকাৰ আইনৰ অধীনত এজন সাংবাদিকে উত্থাপন কৰা প্ৰশ্নৰ ভিত্তিত এই উত্তৰ দিয়া হৈছিল।
গ্ৰুপ চিৰ মুঠ পদৰ সংখ্যা ১৪ লাখ ৭৫ হাজাৰ ৬২৩টা। ইয়াৰে ৩ লাখ ১১ হাজাৰ ৪৩৮ টা পদত ট্ৰেকপাৰ্ছন, পইণ্টমেন, ইলেক্ট্ৰিচিয়ান, চিগনেল আৰু টেলিফোন অপাৰেটৰৰ পদ আছে। নৰ্থ চেণ্ট্ৰেল ৰে’লৱেৰ শ্ৰমিক সংঘৰ এজন নেতাই নাম প্ৰকাশ নকৰাকৈয়ে কয় যে, ‘গ্ৰুপ চি পদত খালী পদৰ অধিকাংশই অভিযন্তা, কাৰিকৰী, কেৰাণী, গাৰ্ড বা ৰে’ল পৰিচালক, ষ্টেচন মাষ্টাৰ, টিকট সংগ্ৰাহকৰ । ফলত ৰেলৱেৰ দৈনন্দিন সেৱা আগবঢ়োৱাত সমস্যাৰ সৃষ্টি হৈছে।প্ৰশাসনিক বিষয়াসকলে এই বিষয়ে ভালদৰেই জানে। কিন্তু চৰকাৰে স্থায়ী কৰ্মচাৰী নিয়োগ কৰিবলৈ আগ্ৰহী নহয়। ৰেলৱেক ব্যক্তিগতকৰণ আগবাঢ়িছে।“
এই সন্দৰ্ভত ৰে’ল যান-বাহন সেৱাৰ এগৰাকী জ্যেষ্ঠ বিষয়াই কয় যে, বিশেষকৈ গ্ৰুপ চি পৰ্যায়ত ইমানবোৰ খালী পদ চিন্তাৰ বিষয় হৈ পৰিছে ৷কাৰণ ই ৰে’লৱেৰ দৈনন্দিন সেৱাত বাধাৰ সৃষ্টি কৰিছে। চৰকাৰে ৰে’ল সংযোগৰ পৰিসৰ বৃদ্ধি কৰিছে। তীব্ৰবেগী ৰেল সেৱা সময়ৰ চাহিদা। তেওঁৰ মতে, সেৱাৰ মান উন্নত কৰাৰ বাবে খালী পদ পূৰণ কৰাটো প্ৰয়োজনীয়।
৩৫ বছৰীয়া এজন ৰেলৱে মেনেজাৰে কয় যে ৰেলৱেত খালী পদৰ বাবে দৈনন্দিন কাম-কাজত সমস্যাৰ সৃষ্টি হৈছে। তেওঁ কয়- “মই ডাবল শ্বিফটত কাম কৰিব লগীয়া হয় ৷ কেতিয়াবা ১৬ ঘণ্টাতকৈয়ো বেছি সময় কর্তব্য কৰিবলগীয়া হয় ৷ কাৰণ আমাৰ হাতত পৰ্যাপ্ত কৰ্মচাৰী নাই। ভালকৈ শুবলৈ সময় নাপাওঁ। পৰিয়ালৰ সৈতে ঘৰত সময় কটোৱাটো বহু দূৰত!
ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱেও এই কথা অস্বীকাৰ নকৰিলে যে খালী পদৰ বোজাই ৰে’লৱেৰ ওপৰত ক্ৰমান্বয়ে প্ৰভাৱ পেলাইছে ৷ শেহতীয়াকৈ ৰাজ্যসভাত তেওঁ মানি লৈছিল যে ৰে’লৱেত বিশাল পদ খালী আছে। তেওঁ প্ৰতিটো জ’নত নিৰাপত্তা আৰু কাৰিকৰী শাখাৰ খালী পদসমূহ অতি সোনকালে পূৰণ কৰিবলৈ নিৰ্দেশ দিয়ে।